NORTHEAST NOW (Assamese)
অসম

সাক্ষাৎকাৰৰ নামত হোটেললৈ মাতি আনি অভিনেত্ৰীক ধৰ্ষণ; আৰক্ষীক অভিযোগ ভুক্তভোগীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 21, 2023 3:56 pm

ছচিয়েল মিডিয়াত চিনাকি হৈ মানুহজনৰ সৈতে কথা-বতৰা পাতিছিল। আৰু তেওঁৰ পৰাই জনপ্ৰিয় ভোজপুৰী গায়িকা তথা অভিনেত্ৰীগৰাকীয়ে নতুন কামৰ বাবে সাক্ষাৎকাৰৰ ফোন পাইছিল। কিন্তু গুৰুগ্ৰামৰ এখন হোটেলত সাক্ষাৎকাৰ দিবলৈ গৈয়েই তেওঁ বিপদত পৰিল। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে মহেশ পাণ্ডে নামৰ এজন ব্যক্তিয়ে তেওঁক হোটেলৰ কোঠাতে ধৰ্ষণ কৰে।

বাতৰি অনুসৰি, ভুক্তভোগী অভিনেত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰতো এজাহাৰ দাখিল কৰিছে। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে কিছুদিন পূৰ্বে মহেশ পাণ্ডে নামৰ এজন ব্যক্তিৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে কথা-বতৰা হৈছিল। তেওঁ ভোজপুৰী ছবিত কাম কৰাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

অভিনেত্ৰীগৰাকীয়ে কয়, ‘সেইবাবেই তেওঁ মোক গুৰুগ্ৰামৰ এখন হোটেলত লগ পাবলৈ ক’লে। মই যোৱাৰ আগতে মানুহজনে হোটেলৰ ৰুমটো বুকিং কৰি থৈছিল। কেইটামান কথা পতাৰ পাছতে তেওঁ মদ খাবলৈ ধৰিলে। সেই মুহূৰ্তত যেতিয়া মই ওলাই আহিবলৈ চেষ্টা কৰিলো, তেতিয়া মানুহজনে মোক ধৰ্ষণ কৰে।”

কেৱল সেয়াই নহয়, অভিনেত্ৰীগৰাকীয়ে মহেশ পাণ্ডেৰ বন্ধুসকলে তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে।

অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত মহেশ পাণ্ডেৰ নামত থানাত গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ মতে, তদন্ত অব্যাহত আছে। দোষী প্ৰমানিত হ’লে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।