NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমত ঘুৰিছে ভূমণ্ডল! ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মহাকাশচাৰী বাজ এলড্ৰিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2023 8:56 am
প্ৰেমত ঘুৰিছে ভূমণ্ডল! ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মহাকাশচাৰী বাজ এলড্ৰিন

এপোলো-১১ মহাকাশযানৰ তিনিজন মহাকাশচাৰীৰ ভিতৰৰ এজন বাজ এলড্ৰিনে নিজৰ ৯৩ তম জন্মদিনত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৬৩ বছৰীয়া আনকা ফাউৰক বিয়া পাতিছে। এইটো তেওঁৰ চতুৰ্থ বিবাহ।

এলড্ৰিনে  শনিবাৰে তেওঁৰ টুইটাৰ একাউণ্টত বিবাহৰ বাতৰি আৰু ফটো পোষ্ট কৰিছে।

টুইটত তেওঁ লিখিছে, “আজি মোৰ ৯৩ তম জন্মদিন আৰু এই দিনটোতে মোক ‘আভিয়েশ্যনৰ জীৱন্ত কিংবদন্তী’ হিচাপেও সন্মানিত কৰা হ’ব, মই ঘোষণা কৰি আনন্দিত যে মোৰ দীৰ্ঘদিনীয়া প্ৰেম ড০ আনকা ফাউৰ আৰু মই বিবাহপাশত আৱদ্ধ হৈছো।”

তেওঁ লগতে কয় যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত কিছুমান ঘনিষ্ঠ বন্ধুৰ সৈতে অনুষ্টুপীয়াকৈ বিয়াৰ অনুষ্ঠান সম্পন্ন কৰিছে।

১৯৬৯ চনত মানুহৰ সৈতে প্ৰথমবাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰা এপোলো-১১ মহাকাশযানৰ পাইলট আছিল এলড্ৰিন। তেওঁৰ দুজন ভ্ৰমণ সঙ্গী হৈছে দলৰ নেতা নীল আৰ্মষ্ট্ৰং আৰু কমাণ্ড মডিউল চালক মাইকেল কলিন্স।

বাজ এলড্ৰিন হৈছে নীল আৰ্মষ্ট্ৰঙৰ পিছত চন্দ্ৰত খোজ কঢ়া দ্বিতীয় ব্যক্তি। তেওঁলোক দুয়ো ১৯ মিনিট চন্দ্ৰত খোজ কাঢ়িছিল।