NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ ভাবুকিৰ মাজতে অসম আৰক্ষীত ব্যাপক সালসলনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2019 8:00 am
Assam-police-1140x570-1024x512

অসমত নাগৰিকত্ব আইনৰ বিৰুদ্ধে এক সুদীৰ্ঘ আন্দোলনৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনাৰ মাজতে অসম আৰক্ষীত পুনৰ ব্যাপক সালসলনি ঘটোৱা হৈছে।

আৰক্ষী অধীক্ষকৰ পৰ্যায়ত ঘটোৱা এই সালসলনিত শোণিতপুৰৰ আৰক্ষী অধীক্ষক সঞ্জীৎ কৃষ্ণক কৰিমগঞ্জ আৰক্ষীৰ অধীক্ষকৰূপে বদলি কৰা হৈছে।

ইপিনে, শোণিতপুৰৰ নতুন আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে মুগ্ধজ্যোতি মহন্তক।

একেটা নিৰ্দেশতে হীতেশ চন্দ্ৰ ৰায়ক নৱম এপিবিএনৰ অধিনায়কৰূপে নিযুক্তি দিয়া হৈছে। সেইদৰে সুবোধ কুমাৰ সোণোৱালক ৰেইলৱে আৰক্ষীৰ অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে।

নতুন নিৰ্দেশ অনুসৰি বঙাইগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হ’ব সিংহৰাম মিলি। তদুপৰি, মাজুলীৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে অৰ্পণা এনক।

আনহাতে, লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে শ্ৰীৰাজবীৰক। নিৰ্দেশ অনুসৰি, হৰেকৃষ্ণ নাথক দ্বিতীয় এপিবিএনৰ অধিনায়কৰূপে বদলি কৰা হৈছে।