NORTHEAST NOW (Assamese)
অসম

সন্মুখত নিৰ্বাচন! শীৰ্ষ নেতৃত্বৰ হেঁচাত টিঙৰ পৰা নামিল বিজেপি বিধায়ক ৰমাকান্ত দেউৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 10, 2020 12:44 pm
WhatsApp Image 2020-10-10 at 12.20.14 PM

শীৰ্ষ নেতৃত্বৰ হেঁচাত অৱশেষত টিঙৰ পৰা নামিল মৰিগাওঁ সমষ্টিৰ বিজেপিৰ বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰী।

এগৰাকী জন প্ৰতিনিধি হৈয়ো সময়ে সময়ে সস্তীয়া তথা অসংবিধানিক শব্দ প্ৰয়োগ কৰি বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰিয়ো ডেমকেয়াৰ হৈ আছিল বিধায়ক ৰমাকান্ত।

কিন্তু বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি দলটোৰ শীৰ্ষ নেতৃত্বই তেওঁক ক্ষমা খোজাৰ বাবে নিৰ্দেশ দিয়ে।

index
বিধায়ক ৰমাকান্তৰ ক্ষমা বিচাৰি দিয়া পত্ৰখন।

উল্লেখযোগ্য যে ৫ অক্টোবৰ অৰ্থাৎ সোমবাৰে মৰিগাওঁৰ শ’লমাৰীত এখন নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে বামুন-মহন্ত বোৰক টুকুৰা টুকুৰকৈ কাটিম আৰু ভিক্ষাৰে পেট প্ৰৱৰ্তাই থকা বুলি মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

তাৰ পাছতে বিধায়কগৰাকীয়ে মৌখিকভাৱে ক্ষমা খুজিছিল যদিও কালি সন্ধিয়া ভাগত গুৱাহাটীস্থিত ব্ৰাহ্মণ সমাজৰ অস্থায়ী কাৰ্য্যালয়ত ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াৰ সন্মুখত আঠু কাঢ়ি ক্ষমা বিচাৰে ৰমাকান্তই।

ইপিনে, এই মন্তব্য কৰি বিধায়কগৰাকী অত্যন্ত দুখিত তথা তেওঁৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে এনে ভুল নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে।