NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

August 14, 2025 3:05 pm · এন ই নাও নিউজ, নতুন দিল্লী

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ। কাশ্মীৰৰ চাসোটিত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা বৰষুণৰ ফলত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে। ডাৱৰ বিস্ফোৰণ ঘটি হোৱা বৰষুণৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। উল্লেখ্য যে এই চোসিটিৰ পৰাই মাছাইল মাতাৰ যাত্ৰা আৰম্ভ হয়। তাত ডাৱৰ বিস্ফোৰণ ঘটি হোৱা বৰষুণৰ ফলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। খবৰ পোৱা গৈছে যে ইতিমধ্যে কেইবাটাও পথ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কিষ্টৱাৰৰ উপায়ুক্তৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে। তেওঁ স্থানীয় বিধায়কগৰাকীৰ সৈতেও বাৰ্তালাপ কৰে।

তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘চোসিটি অঞ্চলত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ ঘটি বৰষুণ হৈছে, যাৰ বাবে ব্যাপক ক্ষতি হ’ব পাৰে। ইতিমধ্যে প্ৰশাসনে উদ্ধাৰকাৰী দলক সেই স্থানলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰৰ পিছত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।’

সূত্ৰ অনুসৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনা আৰু আৰক্ষীক উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ নিৰ্দেশ দিছে।

প্রাকৃতিক দুৰ্যোগত কিমান ক্ষয়-ক্ষতিৰ পৰিসৰ বা মৃত্যু হোৱা লোকৰ সংখ্যা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য পোৱা হোৱা নাই। সম্প্ৰতি সেই দিশৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।

অৱশ্যে অসমৰ্থিত সূত্ৰই জনোৱা মতে, ইতিমধ্যে ১২ জন লোকৰ মৃত্যু হৈছে। পৰিস্থিতি ইমানেই ভয়াৱহ যে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইতিমধ্যে চাসোটি অঞ্চলৰ কেইবাটাও পথ জাহ যোৱাৰ ছবি পোহৰলৈ আহিছে।

Related News