NORTHEAST NOW (Assamese)
অসম

তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন, হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ; কমেও ১২ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2023 2:09 pm
তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন, হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ; কমেও ১২ জনৰ মৃত্যু

মাজনিশা আন্ধাৰৰ মাজেৰে বাছখন চলিছিল। হঠাৎ ভয়ংকৰ দুৰ্ঘটনা। দুখন বাছৰ মুখামুখি সংঘৰ্ষ। খুন্দা মৰাৰ লগে লগে ছিটিকি পৰিল যাত্ৰীসকল, দুয়োখন বাছ ভাঙি ছিঙি চূৰমাৰ। দুৰ্ঘটনাটোত কমেও ১২ জন লোকৰ মৃত্যু হয়। আহত হয় আন বহু যাত্ৰী।

ওড়িশাৰ গঞ্জাম জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। প্ৰশাসনে জনোৱা মতে, আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এমকেচিজি মেডিকেল কলেজ আৰু বেহৰমপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে, দেওবাৰে মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনা। ওড়িশা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় এখন ব্যক্তিগত বাছ। নিশা প্ৰায় এক বজাত বাছ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

আনহাতে, চৰকাৰী বাছখনৰ যাত্ৰীসকল সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ব্যক্তিগত বাছখনৰ অধিক ক্ষতিসাধন হয়। সেই বাছখনত কমেও ১০ৰ পৰা ১২জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ৬ জন। আহত এজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। তেওঁক কটকৰ এছ চি বি মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে।

বেৰহামপুৰৰ আৰক্ষী অধীক্ষক সৰ্বানা বিবেকে কয় যে ৰায়গড়ৰ পৰা ভুৱনেশ্বৰলৈ আহিছিল ওড়িশা ৰাজ্যিক পথ পৰিবহণৰ বাছখন। আনহাতে, খাণ্ডাদেউলি গাঁৱৰ বিবাহ অনুষ্ঠানৰ পৰা বেৰহামপুৰলৈ উভতি আহিছিল ব্যক্তিগত বাছখন। প্ৰাথমিক তদন্ত অনুসৰি বাছ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে দুয়োখন বাহন কেনেকৈ মুখামুখি হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বাছ দুৰ্ঘটনাত আহতসকলক ৩০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।