NORTHEAST NOW (Assamese)
অসম

মধ্যপ্ৰদেশত দলঙৰ পৰা বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ; ১৫জনৰ মৃত্যু, আহত ২৫জন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 9, 2023 11:31 am

মধ্যপ্ৰদেশত খাৰগোণৰ পৰা ইন্দোৰলৈ যোৱা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰি ভয়াবহ দুৰ্ঘটনাত পতিত হয়। বাতৰি অনুসৰি, এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে।

অঞ্চলটোৰ উন থানা এলেকাৰ দাসংগা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, দলঙৰ পৰা অনিয়ন্ত্ৰিত বাছখন বাগৰি পৰে। বাছখন দলঙৰ পৰা বাগৰি পৰাৰ পাছত, তীব্ৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে সেই স্থানৰ ফালে দৌৰি আহে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী বীৰেন সিঙে জনালে, ‘মণিপুৰৰ হিংসাত ৬০ জন লোকে হেৰুৱাইছে প্ৰাণ, জ্বলিছে ১৭০০ ঘৰ!’

গাঁওবাসীয়ে বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে আৰু দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। তথ্য পোৱাৰ পাছতে আৰক্ষী অধীক্ষক, কালেক্টৰ আৰু স্থানীয় বিধায়ক সেই স্থানত উপস্থিত হয়।

খাৰগোণৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিঙে কয়, ‘বাছখন দলঙৰ পৰা বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন আহত হয়। উদ্ধাৰ অভিযান চলি আছে।‘

মধ্যপ্ৰদেশ চৰকাৰে খাৰগোনে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আহতসকলক ২৫ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: আমেৰিকাৰ শ্বপিংমলৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু ভাৰতীয় যুৱতী অভিযন্তাৰ; শোকস্তব্ধ পৰিয়াল

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, ‘বাছখনে ৰেলিং ভাঙি বৈৰাড় নদীত বাগৰি পৰে। ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০-২৫ জন লোক আহত হৈছে যিসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ,