NORTHEAST NOW (Assamese)

উধমপুৰত বিপৰ্যয়! খাৱৈত বাছ বাগৰি কমেও ১৫ জন লোকৰ মৃত্যু, শোকস্তব্ধ উপত্যকা

April 20, 2026 1:14 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:07 am

সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰাত কমেও ১৫ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আৰু ২০ জন আহত হয়। আহতসকলৰ বহুতৰে অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে।

উধমপুৰ জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি ৰামনগৰৰ পৰা উধমপুৰলৈ গৈ আছিল বাছখন। বাটত ৰামনগৰৰ খগোট অঞ্চলৰ কানোট গাঁৱত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত বাছখন বাগৰি পৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী, এছডিআৰএফ আৰু স্থানীয় উদ্ধাৰকাৰী দল। আহতসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰৰ বাবে একাধিক এম্বুলেন্স মোতায়েন কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ নিশ্চিত কৰিছে। তেওঁ নিজৰ এক্স (প্ৰাক্তন টুইটাৰ হেণ্ডেল)ত কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁ উধমপুৰ জিলা দণ্ডাধীশ মিংগা শ্বেৰ্পাৰ সৈতে কথা পাতিছিল।

মন্ত্ৰীগৰাকীয়ে কয়, “উদ্ধাৰ অভিযান দ্ৰুতগতিত চলি আছে। আহতসকলক সকলো ধৰণৰ চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে আৰু প্ৰয়োজন হ’লে গুৰুতৰভাৱে আহতসকলক বিমানেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।”

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। দুৰ্ঘটনাটোক “হৃদয়বিদাৰক” বুলি অভিহিত কৰি তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

তেওঁ কয়, “আহতসকলৰ চিকিৎসাত যাতে কোনো ধৰণৰ ত্ৰুটি নহয়, তাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে।”

বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰাথমিকভাৱে পাহাৰীয়া পথত যান্ত্ৰিক ত্ৰুটি বা দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

Related News