NORTHEAST NOW (Assamese)

তালিবান শাসিত আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ: ১৬ জন নিহত

April 21, 2022 8:13 pm · এন ই নাও নিউজ, গুৱাহাটী

কট্টৰ ইছলামিক তালিবান শাসনাধীন আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছে। বিস্ফোৰণত কেইবাগৰাকীও ব্যক্তি আহত হৈছে বুলি সন্দেহ কৰা হৈছে।

ইছলামিক ষ্টেট গোটে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে বুলি আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম AFP য়ে প্ৰকাশ কৰিছে।

মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে উত্তৰ মাজাৰ-ই-শ্বৰীফৰ চাই ডকেন মছজিদত সমবেত হোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

উল্লেখ্য যে আজি কুন্দুজ চহৰত সংঘটিত আন এটা বিস্ফোৰণতো কমেও চাৰিজন লোক নিহত আৰু ১৮ জন আহত হয়।

আগষ্টত তালিবান পুনৰ ক্ষমতালৈ উভতি অহাৰ পিছত আফগানিস্তানত বোমা বিস্ফোৰণৰ সংখ্যা হ্ৰাস পাইছে বুলি প্ৰকাশ পাইছে।

অৱশ্যে জিহাদী আৰু চুন্নী আই এছ গোটৰ কূটাঘাতমূলক কাৰ্যকলাপ সময়ে সময়ে দেশখনত চলি আহিছে।

Related News