NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশৰ যমুনা নদীত নাও দুৰ্ঘটনা: ২০ গৰাকী যাত্ৰী নিহত

August 11, 2022 6:02 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ বান্দাৰ যমুনা নদীত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা। ৪০ জন যাত্ৰীক কঢ়িয়াই নিয়া এখন নাও নদীৰ মাজভাগতে ডুব যোৱাৰ ফলত মহিলাসহ প্ৰায় ২০ জন যাত্ৰীৰ মৃত্যু হৈছে।

এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখন যমুনাৰ মাৰ্কা ঘাটৰ পৰা ফাতেহপুৰ অভিমুখে গৈ আছিল।

ঘটনা সন্দৰ্ভত বান্দা আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে ফাতেহপুৰৰ পৰা মাৰ্কা গাওঁলৈ যমুনা নদীত যাত্ৰীৰে ভৰ্তি এখন নাও ডুব যোৱাৰ ফলত ২০ জন লোকৰ মৃত্যু হৈছে।

ইতিমধ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি বান্দা আৰক্ষীয়ে লগতে কয়।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জিলা প্ৰশাসনক উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে।

Related News