NORTHEAST NOW (Assamese)

অকাল বৰষুণৰ ফলত গুজৰাটত বিপৰ্যয়; বজ্ৰপাতৰ ফলত এদিনতে কমেও ২০ জন লোকৰ মৃত্যু

November 27, 2023 11:11 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

গুজৰাটত হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে বজ্ৰপাতত এদিনতে কমেও ২০ জন লোকৰ মৃত্যু হয়। পশুধন আৰু কৃষিৰো যথেষ্ট ক্ষতি হয়। বেয়া বতৰৰ বাবে কেইবাখনো বিমানৰ সেৱাত পলম হৈছে। জানিব পৰা মতে, নৱেম্বৰৰ শেষত অকাল বৰষুণৰ বাবে এনে বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মৃতকৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰৰ পৰা বৰষুণৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

বাতৰি মতে, গুজৰাটৰ ২৫২ টা তালুকৰ ভিতৰত ২৩৩ টা তালুকত দেওবাৰে বৰষুণ হয়। কেইবাটাও অঞ্চলত ব্যাপক বজ্ৰপাতৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দহোদ। তাতেই চাৰিজন লোকৰ মৃত্যু হয়। আহমেদাবাদকে ধৰি কেইবাটাও স্থানৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে।

লগতে পঢ়কঃ IPL-2024: বিৰাট নাটক! শেষ মহূৰ্তত মুম্বাইয়ে কাঢ়ি লৈ গ’ল হাৰ্দিকক; গুজৰাটৰ নতুন অধিনায়ক গীল?

ৰাজ্যখনৰ জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰে নিশা ১১ বজালৈকে ২০জন লোকৰ মৃত্যু হৈছে। প্ৰাণ হেৰুৱাইছে কমেও ৪০টা গৰুৱে। সেইদৰে খেতিৰ শস্য ধ্বংস হৈছে।

মৃতকৰ পৰিয়ালৰ কাষত থিয় হৈ অমিত শ্বাহে শোক প্ৰকাশ কৰে। এক্স হেণ্ডেলত তেওঁ লিখিছে, ‘বেয়া বতৰ আৰু বজ্ৰপাতৰ বাবে গুজৰাটত বহু লোকৰ মৃত্যুৰ খবৰ পাই মই দুখী। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

লগতে পঢ়কঃ বিশ্বকাপ অতীত! বেটে-বলে দুৰ্দান্ত ফৰ্মত টীম ইণ্ডিয়া; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টী-২০তো জয় ভাৰতৰ

ইপিনে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জাপান ভ্ৰমণত আছে। তাৰ পৰাই তেওঁ উদ্ধাৰ কাৰ্যৰ পৰ্যালোচনা কৰি আছে। লগতে উদ্ধাৰৰ কাম ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ দিছে। মঙলবাৰলৈকে ৰাজ্যৰ উজনি অংশত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। 

Related News