NORTHEAST NOW (Assamese)

নদীৰ মাজতে যাত্ৰীবাহী ফেৰীত লাগিল জুই, নিহত কমেও ৩৭ জন

December 24, 2021 5:31 pm · এন ই নাও নিউজ, গুৱাহাটী

বাংলাদেশৰ ঝালোকাথিত এখন যাত্ৰীবাহী ফেৰীত আজি জুই লগাৰ ফলত কমেও ৩৭ জন লোকৰ মৃত্যু হয়।

ঢাকাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত ঝালোকাথি অঞ্চলৰ ওচৰৰ এখন নদীত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বৰ্তমানলৈকে উদ্ধাৰকাৰী দলে ৩৭ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষীয়ে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি ফেৰীৰ ইঞ্জিন ৰুমৰ পৰা জুইৰ আৰম্ভ হৈছিল আৰু গোটেই ডেকত বিয়পি পৰিছিল।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কমেও ১০০ জনতকৈ অধিক লোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ উপৰিও বহুলোক সন্ধানহীন হৈ আছে।

জুইৰ লেলিহান শিখাই আৱৰি ধৰা ফেৰীখন চাৰিৰ পৰা পাঁচ ঘণ্টা ধৰি নদীৰ মাজতে আৱদ্ধ হৈ আছিল।

Related News