NORTHEAST NOW (Assamese)

চিকাগোত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত ৪ জন নিহত,পুলিচে নিধন কৰিলে আক্ৰমণকাৰীক

January 11, 2021 12:58 pm · এন ই নাও নিউজ

বন্দুকধাৰীৰ আক্ৰমণত কঁপি উঠিল চিকাগো চহৰ।

এজন বন্দুকধাৰী লোকে চিকাগোৰ কেইবা স্থানতো আক্ৰমণ সংঘটিত কৰি তিনিজন লোকক হত্যা কৰে।

লোকজনে কৰা গুলীচালনাত আন চাৰিজন লোক গুৰুতৰ ভাবে আহত হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লোক জনে প্ৰথমে চিকাগো বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

ফলত বিশ্ববিদ্যালয় খনৰ এজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে।

ইয়াৰ পিছতে লোক জনে ওচৰৰে এটি আবাসিক অঞ্চলত প্ৰৱেশ কৰি এজন বৃদ্ধক গুলিয়াই হত্যা কৰে।

দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত কৰি লোক জনে এখন গাড়ীত বলপূৰ্বক উঠি সেই ঠাইৰ পৰা পলায়ন কৰে।

যোৱাৰ সময়তে লোক জনে এগৰাকী নাবালিকাক লক্ষ্য কৰি গুলিবৰ্ষণ কৰে।ফলত তেওঁৰ গাতো গুলি লাগে আৰু তেওঁৰ মৃত্যু ঘটে।

আন এটা গুলি গৈ লাগে এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ দেহত। নিৰাপত্তাৰক্ষী জনক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে।

ইপিনে আক্ৰমণৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে লোক জনক খেদি যায় আৰু চিকাগো চহৰৰ সীমান্তত লোক জনক গুলিয়াই নিধন কৰে।

লোক জনে কি উদ্দেশ্যলৈ এনেদৰে তিনি জনকৈ লোকক গুলিয়াই হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই।

লোক জনৰ নাম নাইটিংগেল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related News