NORTHEAST NOW (Assamese)

অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কেনিয়া; সংঘৰ্ষত ৫জনৰ মৃত্যু, সংসদতো অগ্নিসংযোগ!

June 26, 2024 11:36 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

আফ্ৰিকাৰ এখন সৰু দেশ কেনিয়া অগ্নিগৰ্ভ হৈ পৰিছে। ৰাজধানী নাইৰোবিকে ধৰি দেশৰ বিভিন্ন চহৰৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে ভিৰ কৰিছেহি। মূল্যবৃদ্ধিত জুৰুলা দেশবাসীৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাক লৈয়ে কেনিয়াৰ এই অগ্নিগৰ্ভ পৰিস্থিতি।

এই পৰ্যন্ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত সেই দেশৰ ভাৰতীয় দূতাবাসে কেনিয়াত থকা ভাৰতীয়সকলক সকীয়াই দিছে। প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে উত্তপ্ত স্থানৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।

মঙলবাৰৰ পৰা কেনিয়াৰ বিভিন্ন প্ৰান্তত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। বিভিন্ন চহৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ ঘটিছে। প্ৰতিবাদকাৰীক বাধা দিবলৈ ৱাটাৰ কেনন আৰু কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে। কিন্তু সেইটোৱেও প্ৰতিবাদকাৰীক ক্ষান্ত কৰিব পৰা নাই।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা একাংশ ভিডিঅ’ত অধিক হিংসাৰ ছবি বন্দী হৈছে। ভিডিঅ’ ত দেখা গৈছে যে উন্মত্ত জনতাই দেশৰ সংসদত প্ৰৱেশ কৰি আংশিকভাৱে অগ্নিসংযোগ কৰি দিয়ে।

লগতে পঢ়কঃ লোকসভাত বিৰোধী দলৰ নেতা হ’ব ৰাহুল গান্ধী, ঘোষণা কংগ্ৰেছৰ

সংসদত জুই জ্বলোৱাৰ ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। স্থানীয় সংবাদ মাধ্যমৰ মতে, আৰক্ষীৰ গুলীত বহু লোক আহত হৈছে। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতে বিক্ষোভকাৰীয়ে সংসদৰ পৰা ওলাই যায় যদিও ৰাজপথত প্ৰতিবাদ অব্যাহত ৰাখে।

ক’ৰ’না ভাইৰাছৰ পিছত কেনিয়াৰ অৰ্থনীতিত যথেষ্ট ক্ষতি হৈছে। ইয়াৰ বাহিৰেও ইউক্ৰেইনত যুদ্ধ, একেৰাহে দুবছৰ খৰাং, মুদ্ৰাৰ মূল্য হ্ৰাস আদি বিভিন্ন সমস্যাই দেশখনৰ অৰ্থনীতিক জুৰুলা কৰিছে। ইয়াৰ প্ৰভাৱ দেশৰ ৰাজকোষৰ লগতে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনতো পৰিছে। নিত্য প্ৰয়োজনীয় বস্তুৰ দাম ভয়ংকৰভাৱে বৃদ্ধি পাইছে। তাৰ উপৰি ধাৰাসাৰ বৰষুণৰ ফলত খোদ মে’ মাহতে দেশত বানৰ সৃষ্টি হয়। বহুতৰে মৃত্যু ঘটে।

এনে পৰিস্থিতিত চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তই দেশবাসীৰ ধৈৰ্য্যচ্যুতি ঘটাইছে। খাদ্য সামগ্ৰীৰ ওপৰত চৰকাৰে ১৬ শতাংশ কৰ আৰোপ কৰিছে। একে সময়তে মটৰ গাড়ীৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে। এই কৰ বৃদ্ধি বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে সাধাৰণ ৰাইজে প্ৰতিবাদত উত্তাল কৰি তোলে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। ইয়াৰে এটা অংশই সংসদতো গৈ উপস্থিত হয়।

লগতে পঢ়কঃ APSC কেলেংকাৰি: বিশেষ আদালতে নাকচ কৰিলে SIT ৰ প্ৰতিবেদন, পুনৰ তদন্তৰ নিৰ্দেশ

এনে পৰিস্থিতিত দেশখনত থকা ভাৰতীয় দূতাবাসে কেনিয়াত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত দিয়া এটা পোষ্টত দূতাবাসে কয় যে, “বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেনিয়াত বাস কৰা সকলো ভাৰতীয়কে অতি সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।‘’

Related News