NORTHEAST NOW (Assamese)

ছত্তীশগড়ৰ তীখা কাৰখানাত ভয়ানক বিস্ফোৰণ; কমেও ৭ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

January 22, 2026 2:23 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে পুৱা ছত্তীশগড়ৰ এটা তীখা কাৰখানাত সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ। শেহতীয়া খবৰ অনুসৰি এই ঘটনাত ৭ জন শ্ৰমিকৰ মৃত্যু হৈছে। আহত হৈছে আন বহু শ্ৰমিক। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি ছত্তীশগড় জিলাৰ বলোডা বজাৰৰ এটা তীখা কাৰখানাৰ কয়লাৰ চুলাত বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ সময়ত এদল শ্ৰমিকে চুলাৰ আশে-পাশে থকা ঠাইখিনি চাফা কৰি আছিল।

বিস্ফোৰণৰ ফলত একাংশ শ্ৰমিক থিতাতে অগ্নিদগ্ধ হৈ পৰে। আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ দুয়োকে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে কেইমিনিটমানৰ ভিতৰতে কাৰখানাটোৰ এটা অংশত জুই লাগিছিল। সমগ্ৰ অঞ্চলটো ধোঁৱাই আৱৰি ধৰে। জুই নিয়ন্ত্ৰণৰ বাবে বলোডা বজাৰ আৰু চুবুৰীয়া জিলাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হয়।

অধিক হতাহতৰ পৰা হাত সাৰিবলৈ আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলটোৱে কাৰখানাটোত প্ৰৱেশ কৰি আহতসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। সংশ্লিষ্ট কৰ্তৃপক্ষই বিস্ফোৰণৰ সঠিক কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

Related News