NORTHEAST NOW (Assamese)

পুৱাই ভয়ংকৰ অগ্নিকাণ্ড! বহুমহলীয়া অট্টালিকাত অগ্নিদগ্ধ হৈ মৃত্যু ৯ জনৰ; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

May 3, 2026 10:48 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: May 21, 2026 10:30 am
ফটোঃ সংগ্ৰহীত।

দিল্লীৰ শ্বাহদৰা অঞ্চলৰ বিবেক বিহাৰত দেওবাৰে পুৱাই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চাৰি মহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত কমেও ৯ জন লোকৰ মৃত্যু হয়। ১৬ জন লোকক উদ্ধাৰ কৰা হৈছে। অৱশ্যে জুইৰ তীব্ৰতা আৰু ভয়াবহতাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

প্ৰাথমিকভাৱে এটা এয়াৰ কণ্ডিচনাৰ (এচি) বিস্ফোৰণৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। জুই ইমান সোনকালে বিয়পি পৰে যে বাসিন্দাসকলে গম পোৱাৰ আগতেই ওখ ঘৰটো ধোঁৱাই আৱৰি ধৰে আৰু জুই দ্ৰুতগতিত বিয়পি পৰে।

স্থানীয় ৰাইজৰ মতে, দিনটোৰ পুৱাৰ ভাগত হঠাৎ অট্টালিকাটোৰ পৰা বিস্ফোৰণ সদৃশ শব্দ শুনা যায়। ইয়াৰ পিছতে এটা ফ্লেটত অগ্নিকাণ্ডৰ সৃষ্টি হোৱা দেখা যায়। কিছু মুহূৰ্তৰ ভিতৰতে জুই আন ঠাইলৈ বিয়পি পৰিল। কেইমিনিটমানৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

ঘটনাৰ সময়ত অধিকাংশ বাসিন্দা শুই আছিল। ফলত কোনোৱে জুই লাগিছে বুলি গম পোৱাৰ আগতে চিৰি, কৰিড’ৰ আৰু কোঠাবোৰ ডাঠ ক’লা ধোঁৱাৰে ভৰি পৰিছিল। ধোঁৱাৰ বাবে উশাহ লোৱা কঠিন হৈ পৰে, বহুতেই ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে। প্ৰথম মহলাৰ পৰা ওপৰৰ মহলালৈকে জুইৰ শিখা দ্ৰুতগতিত বিয়পি পৰে আৰু পৰিস্থিতি আৰু ভয়ংকৰ কৰি তোলে।

ঘন ধোঁৱা আৰু জুইৰ তীব্ৰতাৰ বাবে বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে। কিছুমানে বেলকনি বা খিৰিকীৰে পলায়ন কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও বহুতে সেই সুযোগ নাপালে।

এই মৰ্মান্তিক ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়, ইয়াৰে কিছুমানৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। তদুপৰি কমেও ১০-১২জন লোক গুৰুতৰভাৱে আহত হয়, যিসকলক শীঘ্ৰে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ দীৰ্ঘসময় ধৰি অগ্নিনিৰ্বাপণ আৰু উদ্ধাৰ অভিযান চলায়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, একাংশ লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে খিৰিকী আৰু বেলকনিত থিয় হৈ সহায় বিচাৰি চিঞৰিছিল। আনকি কিছুমানে আতংকিত হৈ তললৈ জপিয়াবলৈও চেষ্টা কৰিছিল।

অগ্নিনিৰ্বাপক আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি বহুমহলীয়া অট্টালিকাটোৰ ভিতৰত আৰু বহু লোক এতিয়াও আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। সেইবাবেই এতিয়াও অনুসন্ধান চলি আছে। জুইৰ শিখা নিয়ন্ত্ৰণলৈ অনাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে ওখ অট্টালিকাটোত প্ৰৱেশ কৰি কেইবাজনো লোকক উদ্ধাৰ কৰাৰ বিপদ মূৰ পাতি লয়। বহুতকে বেলকনিৰ মাজেৰে উলিয়াই অনা হয়। স্থানীয় লোকেও উদ্ধাৰ কামত সহায় কৰে। চিৰি আৰু খিৰিকী ভাঙি বহুতক উলিয়াই অনা হয়। কিন্তু জুইৰ তীব্ৰতা আৰু ঘন ধোঁৱাৰ বাবে উদ্ধাৰৰ কাম যথেষ্ট কঠিন হৈ পৰে।

প্ৰাথমিক তদন্তত এচি ইউনিটৰ বিস্ফোৰণৰ বাবেই জুইৰ সূত্ৰপাত হ’ব পাৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াৰ সঠিক কাৰণ জানিবলৈ ফৰেনছিক দলে তদন্ত আৰম্ভ কৰিছে। একে সময়তে অট্টালিকাটোৰ নিৰাপত্তা ব্যৱস্থা, অগ্নিনিৰ্বাপক সঁজুলিৰ উপস্থিতি আৰু সঠিক ৰক্ষণাবেক্ষণ কৰা হৈছিল নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে।

এই ঘটনাৰ পিছতে দিল্লীৰ ওখ অট্টালিকাসমূহৰ অগ্নিকাণ্ডৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ যানজঁট আৰু অনিয়ন্ত্ৰিত নিৰ্মাণ এলেকাত অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰ প্ৰৱেশ কঠিন হৈ পৰে, যাৰ ফলত সময়মতে উদ্ধাৰৰ কামত বাধাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে দিল্লীত অধিকাংশ অগ্নিকাণ্ডৰ আঁৰৰ মূল কাৰণ শ্বৰ্ট চাৰ্কিট আৰু অনিয়মিত বৈদ্যুতিক সংযোগে পৰিস্থিতি অধিক বিপজ্জনক কৰি তুলিছে।

শেহতীয়া পৰিসংখ্যা অনুসৰি ৰাজধানীত গৰম বৃদ্ধি পোৱাৰ লগে লগে অগ্নিকাণ্ডৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এদিনতে শতাধিক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত প্ৰশাসনৰ ওপৰত আৰু অধিক চাপ বৃদ্ধি পাইছে।

Related News