NORTHEAST NOW (Assamese)

চীনৰ ৰাসায়নিক উদ্যোগত ভয়ংকৰ বিস্ফোৰণ : কমেও পাঁচজন লোকৰ মৃত্যু

May 28, 2025 9:00 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: May 28, 2025 8:34 am

চীনৰ পূব ছানডং প্ৰদেশৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত কমেও ৫ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত ১৯ জন লোক আহত হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে।

মঙলবাৰে নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছত ৬ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

চিয়েল মিডিয়াত ভাইৰেল ফুটেজত দেখা গৈছে যে ঘটনাস্থলীৰ পৰা বিশাল পৰিমাণৰ কলা ধোঁৱা ওপৰলৈ উঠিছে।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি ছানডং ইউদাও কেমিকেল ফেক্টৰীত সাহায্য আৰু উদ্ধাৰৰ বাবে ২০০ৰো অধিক জৰুৰীকালীন উদ্ধাৰ কৰ্মী নিয়োগ কৰা হৈছে।কোম্পানীটোৰ ৱেবছাইট অনুসৰি ইয়াত কীটনাশক আৰু ঔষধ উৎপাদন কৰা হৈছিল।

Related News