NORTHEAST NOW (Assamese)

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ ৰক্তাক্ত পাকিস্তান অধিকৃত কাশ্মীৰ। অভিযোগ উঠিছে যে তাত পাকিস্তানী সেনাই পুনৰ নিৰ্বিচাৰে গুলীচালনা কৰিছে। এই ঘটনাত কমেও ১৬ জন লোক নিহত হৈছে আৰু ৩৭ জন লোক আহত হৈছে। দুদিন পূৰ্বে তাত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত ৩০ জন লোকৰ মৃত্যু হৈছিল। পুনৰ ঘটিল সেই একেই নৃশংস ঘটনা।

পাকিস্তান দখলত থকা কাশ্মীৰৰ এডিগা গ্ৰাউণ্ডত নিৰ্বিচাৰে গুলীচালনা কৰিছে পাকিস্তানী সেনাই। অভিযোগ অনুসৰি এ কে ৪৭ৰে নিৰ্বিচাৰ গুলীচালনা কৰা হৈছিল। জানিব পৰা মতে, নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰা হৈছিল। যোৱা তিনিদিনত মৃত্যু হোৱা লোকৰ সংখ্যাই যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে। চৰকাৰ বিৰোধী স্থিতি অধিক শক্তিশালী হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

সুলভ মূল্যৰ আটা, চাউল, বিদ্যুৎ আৰু নাগৰিক অধিকাৰৰ দাবীত কেইবাদিনো ধৰি পাকিস্তান অধিকৃত কাশ্মীৰত শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত আছে। সাধাৰণ মানুহ ৰাজপথলৈ ওলাই আহিছে। কিন্তু সেই শান্তিপূৰ্ণ আন্দোলন আৰক্ষীৰ আগ্ৰাসনৰ বাবে ৰক্তাক্ত হৈ পৰিল।

জানিব পৰা মতে, চৰকাৰ বিৰোধী আন্দোলনৰ বাবে ৰাৱালকোটত ৬০ৰ পৰা ৭০ হাজাৰ লোক সমবেত হৈছিল। দুদিন পূৰ্বে মৃত্যু হোৱা ৩০ জন লোকৰ ন্যায় বিচাৰিছিল সকলোৱে। ইয়াৰ লগতে উপত্যকা দখল কৰি ৰখা আৰু তাত থকা নাগৰিকৰ ওপৰত হোৱা আগ্ৰাসনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি সেই প্ৰতিবাদকাৰীসকলৰ ওপৰতে গুলীচালনা কৰা হৈছে।

Related News