NORTHEAST NOW (Assamese)
অসম

টীয়কত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মদিন উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 25, 2021 4:57 pm

ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ উদ্যোগত সু শাসক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনত সমগ্ৰ দেশতে আয়োজিত সু শাসন দিৱস উপলক্ষ্যে আজি টীয়কৰ বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত ৬৬ নং বুথত এক ই শ্ৰম কাৰ্ড বিতৰণ শিবিৰ অনুস্থিত কৰা হয়।

উক্ত শিবিৰত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়াই মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱা,সাধাৰণ সম্পাদক অভিজিত বৰুৱা,বুথ সভাপতি লাকী বৰবৰাকে প্ৰমুখ্য কৰি বহুসংখ্যক বিজেপি কৰ্মীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শিবিৰটোৰ শুভাৰম্ভ কৰে।

লগতে ই শ্ৰম কাৰ্ডৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে।উক্ত শিবিটোত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক লোকক শ্ৰম কাৰ্ড বিতৰণ কৰা হৈছে।

ইপিনে কলিয়াপানী মণ্ডল বিজেপিৰ যুৱ মৰ্চাও মহান ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে।

টীয়কৰ পুৰণাবেংক তিনিআলিস্থিত মণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা ৯৭ সংখ্যক জন্মদিনত উপলক্ষ্যত ৯৭ খন মটৰ চাইকেলেৰে টীয়কৰ জগদুৱাৰৰ পৰা মুদৈজানলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰত এক মটৰচাইকেল ৰেলী কৰে।

উক্ত ৰেলীত মণ্ডলৰ সভাপতি দীপক শইকীয়া আৰু উপসভাপতি অভিজিত বৰুৱাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে ৰেলীৰ পূৰ্বে যুৱমৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যই বিশ্ব বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই পুষ্পাঞ্জলিৰে কাৰ্যসূচীৰ মুকলি কৰে।