NORTHEAST NOW (Assamese)
অসম

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 8:28 am
WhatsApp Image 2021-01-22 at 8.06.27 AM

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বাজি ২০ মিনিটত এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কৰ্ণাটকৰ শিবমোগা। প্ৰাথমিক অনুসন্ধানৰ পাছত জানিব পৰা মতে হুনাছোদু গাঁওৰ সমীপত ডিনামাইট বিস্ফোৰণ ঘটিছে।

বিস্ফোৰণৰ ফলত কমেও ৮জন লোকৰ মৃত্যু হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বিস্ফোৰণটোৰ তীব্ৰতা ইমানেই বেছি আছিল যে শিবমোগাৰ পাৰ্শ্বৱৰ্তী চিকমাগালুৰ আৰু ডাভানগৰ জিলাতো কম্পন অনুভুত হয়।

বাতৰি অনুসৰি, বিস্ফোৰণৰ তীব্ৰতাৰ ফলত বহুতো ঘৰৰ খিৰিকিৰ আইনা ভাঙি পৰে। তদুপৰি, পথ আৰু ঘৰত ফাটো মেলিছে।

বিস্ফোৰণত হোৱা কম্পনত বহুতেই ভূমিকম্প হোৱা বুলি ভাৱিছিল।

আৰক্ষীৰ এক সূত্ৰই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে শিবমোগাৰ উপকণ্ঠ অঞ্চলত বিস্ফোৰণটো সংঘটিত হৈছে।

আন এক আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, এখন ট্ৰাকত কঢ়িয়াই অনা জিলেটিনৰ বিস্ফোৰণ ঘটাৰ ফলত কেইবাজন লোকৰ মৃত্যু হৈছে।

বিস্ফোৰণত ট্ৰাকখন ছিন্নভিন্ন হৈ পৰে আৰু মৃত লোকসকলৰ দেহৰ অংশ দূৰলৈ ছিটিকি পৰে। আনকি মৃতদেহসমূহ চিনাক্ত কৰাও কঠিন হৈ পৰিছে।

শিবমোগাৰ এই বিস্ফোৰণৰ ঘটনাত শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।