NORTHEAST NOW (Assamese)
অসম

তাই আহোমক জনজাতিকৰণ, গো সুৰক্ষা আইনৰ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 1, 2021 8:55 pm
Margherita

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, ডিগবৈ আঞ্চলিক সমিতি, কৈলাশপুৰ আঞ্চলিক সমিতি আৰু পাটকাই আঞ্চলিক সমিতিৰ সহযোগত তাই আহোমসকলৰ কেইবাটাও সমস্য সমাধানৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান, মূল্যবৃদ্ধি হ্ৰাস, গো সুৰক্ষা আইন বাতিল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ উন্নতি, আহোম জনগোষ্ঠীৰ পৌৰাণিক কৃতি চিহ্নসমূহক বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থাৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সদস্য কলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত আটাছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চাও জয়ন্ত কোঁ‌ৱৰ প্ৰমুখ্যে আটাইকেখন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ দাবী সমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

“আছে হেংদান লোৱা নাই ললে হেংদান ৰক্ষা নাই, অসম চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ লাগিব আদি শ্ল’গান প্ৰদান কৰি মাৰ্ঘেৰিটাৰ আকাশ বতাহ কঁপাই প্ৰতিবাদস্থলীৰ পৰাই আজিৰ প্ৰতিবাদী নেত্বই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় যে আটাছুৰ দীৰ্ঘদিনিয়া দাবী সমূহ চৰকাৰে অনতিপ্ৰলমে ৰূপায়ণ নকৰিলে চৰকাৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰিবলৈ আটাছু বাধ্য হ’ব।

আজিৰ আটাছুৰ প্ৰতিবাদৰ অন্তঃ চৰকাৰে অনাগত দিনত আটাছুৰ দাবী সমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।