NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাৰ মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 7:02 pm
Tez Hazarika with Sonowal

ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাই সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰে।

সাক্ষাৎ কালত তেজ হাজৰিকাই মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক বিষয় সম্পৰ্কত মত-বিনিময় কৰে।

আনহাতে, ড০ ভূপেন হাজৰিকাৰ ৭৬ টা কালজয়ী অসমীয়া গীতৰ ইংৰাজী ৰূপান্তৰ ‘উইংগড হৰ্চ’ শীৰ্ষক গ্ৰন্থখন তেজ হাজৰিকা আৰু চেজ আকাশ হাজৰিকাই মুখ্য মন্ত্ৰীৰ হাতত অৰ্পন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে সুধা কণ্ঠৰ পুত্ৰক ড০ ভূপেন হাজৰিকাৰ বিস্তৃত কৰ্মৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঠিত ড০ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস প্ৰদান কৰে।

সাক্ষাতৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত থাকে।