NORTHEAST NOW (Assamese)
অসম

ড্ৰাইভিং লাইচেঞ্চৰ পুনৰ নতুন নিয়ম; ঘৰতে বহি কৰক আপডেট, মোবাইল নম্বৰ দিলেই হ’ল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 6:27 pm
driving-licence

সমগ্ৰ দেশতে এক ছেপ্টেম্বৰৰ পৰা নতুন যান-বাহন আইন জাৰি কৰা হৈছে। নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইচেঞ্চ আৰু পঞ্জীয়ণ প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো ভালেমান সাল-সলনি কৰা হৈছে।

নতুন নিয়ম মতে ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ সৈতে মোবাইল নম্বৰ লিংক কৰাতো বাধ্যতামূলক কৰা হৈছে।

এতিয়া ড্ৰাইভিং লাইচেঞ্চত উল্লেখ থাকিব লাগিব মোবাইল নম্বৰ

ড্ৰাইভিং লাইচেঞ্চৰ সৈতে মোবাইল নম্বৰ সংযোগ কৰাৰ ক্ষেত্ৰত সকলতকৈ সুবিধাজনক কথাটো হ’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত লাইচেঞ্চত উল্লেখ থকা নম্বৰ ব্যৱহাৰ কৰি পৰিয়ালৰ লোকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব।

উত্তৰ প্ৰদেশে প্ৰথম ৰাজ্য হিচাপে এই নতুন নিয়মক এক অক্টোবৰৰ পৰা কাৰ্য্যকৰী কৰিছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ পাছতে ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ সৈতে মোবাইল নম্বৰৰ লিংক থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে।

যদি আপোনাৰ সৈতে ড্ৰাইভিং লাইচেঞ্চ আছে সোনকালে কৰক এই কাম

নতুন ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত মোবাইল নম্বৰ লিংক আৰ টি অ’ই কৰিব যদিও পুৰণি ড্ৰাইভিং লাইচেঞ্চক আপুনি ঘৰত বহিয়ে আপডেট কৰিব পাৰিব।

অনলাইন মোবাইল নম্বৰ লিংক কৰিবলৈ হ’লে আপুনি কেন্দ্ৰ চৰকাৰৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ পৰিবহন সেৱা পোৰ্টেললৈ যাব লাগিব।

ইয়াৰ পাছত লগ-ইন আই ডি বনাই ৰেজিষ্ট্ৰেশ্যন সম্বন্ধীয় সেৱালৈ গৈ মোবাইল নম্বৰ লিংক কৰিব পাৰিব।

সুৰক্ষাৰ দিশৰ পৰা অতি প্ৰয়োজনীয়

নতুন নিয়ম অনুসৰি আপুনি মোবাইল নম্বৰৰ লগতে বাহনৰ ইঞ্জিন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰো উল্লেখ কৰিব লাগিব। তাৰোপৰি, সাৰথি কেটেগৰীৰ অন্তৰ্গত লাইচেঞ্চ সম্বন্ধীয় সেৱাত ক্লিক কৰিও ড্ৰাইভিং লাইচেঞ্চৰ সৈতে মোবাইল নম্বৰ আপডেট কৰিব পাৰিব।

এই সমষ্ট প্ৰক্ৰিয়াৰ বাবে অধিক সময়ৰ প্ৰয়োজন নহয়। সুৰক্ষাৰ দিশৰ পৰাও এয়া অতি প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে।