NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আটাছুৰ ৩১ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস : শ্বহীদ ডিম্বেশ্বৰ গগৈক স্মৰণ

December 30, 2020 7:11 pm · মানস প্ৰতিম গগৈ
Updated: December 30, 2020 7:13 pm

সদৌ তাই আহোম ছাত্ৰ সন্থা আটাছুৰ ৩১ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হয়।

তাই আহোম জাতীয় সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱসটোক আটাছুৱে কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। পুৱাই পতাকা উত্তলন, শ্বহীদ তৰ্পনৰ আদি অনুষ্ঠানৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়।

অসম চৰকৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব লক্ষ্য কোঁ‌ৱৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাত মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মাতৃ, পত্নী, আটাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰিও বহু কেইগৰাকী গণ্যমান্য ব্যক্তি মুকলি সভাত উপস্থিত থাকে।

উগ্ৰ জাতীয়তাবাদৰ বলি হোৱা তাই আহোম জাতীয় সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি লক্ষ্য কোঁ‌ৱৰে কয় যে তাই আহোম জনগোষ্ঠীটোৱে একত্ৰিত ভাৱে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। ইয়াৰ বাবে তেওঁ আটাছুৰ নেতৃত্বই অধিক শক্তিশালীৰূপত কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।

উল্লেখ্য যে,১৯৯০ চনৰ নৱেম্বৰ মাহত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সাংগাঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈক ষড়যন্ত্ৰ মূলকভাবে কোনো দুষ্কৃতিকাৰীয়ে মাতি নি অতি নিৰ্মম ভাবে হত্যা কৰিছিল আৰু আজিৰ দিনটো অৰ্থাৎ ৩০ ডিচেম্বৰ দিনটোত গণকৱৰৰ পৰা অৰ্ধগলিত অৱস্থাত গগৈৰ মৃতদেহ উদ্ধাৰ হৈছিল।

তাৰপাছতে তাই আহোম জনগোষ্ঠীটোৰ প্ৰথম জাতীয় শ্বহীদ হিচাবে ঘোষণা কৰিছিল জনগোষ্ঠীটোৱে আৰু তেতিয়াৰ পৰাই জনগোষ্ঠীটোৱে ৩০ ডিচেম্বৰ দিনটোক শ্বহীদ দিৱস হিচাবে কেন্দ্ৰীয় ভাবে পালন কৰি আহিছে। আজিৰ মুকুলি সভাতেই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক (Inspector of taxes) বিভাগৰ স্থান দখল‌কৰা কিমি কোঁৱৰ, তথা উদয়মান অভিনেত্ৰী বাৰবী বৰগোহঁ‌হইক আজিৰ সভাতে এখনী মানপত্ৰ, ফুলাম গামোচা আৰু চেলং চাদৰে সম্বোধন জ্ঞাপন কৰা হয়

Related News