NORTHEAST NOW (Assamese)
অসম

ৰাজ্যবাসীলৈ সুখবৰ: ফোৰ্বছৰ ‘বেষ্ট পাৰফৰ্মাৰ—২০২০’ৰ তালিকাত অসম সন্তান আদিল হুছেইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 7:10 pm
adil-hussain-141211-2-020-res

বহু বেয়া খবৰৰ মাজেৰে পাৰ হৈ যাবলৈ ওলোৱা ২০২০ বৰ্ষৰ প্ৰায় শেষৰ পিনে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ।বিশ্ব বিখ্যাত আলোচনী ফোৰ্বছে বছৰৰ শেষত প্ৰকাশ কৰা ‘বেষ্ট পাৰফৰ্মাৰ’ৰ তালিকাত এইবাৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনে।প্

ৰকাশ ঝাই পৰিচালনা কৰা পৰীক্ষা ছবিত কৰা সুন্দৰ অভিনয়ৰ বাবেই আদিল হুছেইনক এই সন্মানেৰে সন্মানিত কৰা হৈছে।

ফোৰ্বছৰ ‘বেষ্ট পাৰফৰ্মাৰ—২০২০’ৰ তালিকাত এইবাৰ স্থান লাভ কৰিছে নৱাজুদ্দিন চিদ্দিকি,পংকজ ত্ৰিপাঠী আদি ব্যক্তিসকলেও।

পৰীক্ষা নামৰ চলচ্চিত্ৰখনৰ বুচ্চি পাছোৱানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বাৰ্লিনত ইণ্ডো-জাৰ্মান চলচ্চিত্ৰ সপ্তাহতো শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি কৰিছিল আদিল হুছেইনে।

অসমৰ গোৱালপাৰাৰ বাসিন্দা আদিল হুছেইনে বহুকেইখন বলীউদ তথা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰত অভিনয় কৰিছে।

তেওঁ হোটেল ছেলভেশ্যন আৰু মাজ ৰাতিৰ কেতেকী ছবিৰ বাবে ২০১৭চনত ৰাষ্ট্ৰীয় বঁটা (জুৰীৰ বিশেষ বঁটা) লাভ কৰিছিল।

হুছেইনে ১৯৮৬ চনত অসমীয়া ছবি ‘সংকল্প’ৰে চলচ্চিত্ৰ জগতত ভূমুকি মাৰিছিল।

তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল, মাৰাঠী, মালয়ালম, নৰৱে তথা ফৰাচী ছবিতো অভিনয় কৰিছে।

৪৮সংখ্যক ইন্টাৰনেশ্যনেল এমি এৱাৰ্ডছত ভাৰতে সফলতা লাভ কৰিছে।২০১২ৰ নিৰ্ভয়া গণধৰ্ষণ তথা হত্যাৰ ঘটনাৰে নিৰ্মিত আদিল হুছেইন অবিনীত নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’য়ে বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা লাভ কৰে।

মানৱতাক লজ্জিত কৰা সেই জঘন্য নিৰ্ভয়া কাণ্ডক লৈ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চলিত বছৰতেই সেই ঘটনাত জড়িত পাষণ্ডকেইজনক ফাঁচীৰ ৰায় দিয়া হয়।

নিৰ্ভয়াৰ সেই শিহৰণকাৰী গণধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ নিৰ্মাণ কৰা নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ত আদিল হুছেইন, শেফালি শ্বাহে অভিনয় কৰিছে। ছবিখনৰ পৰিচালক ৰিচি মেহতা।