NORTHEAST NOW (Assamese)

এগৰাকী বোৱাৰীক ধৰ্ষণৰ চেষ্টা : দুষ্কৃতিকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগী বিধৱা মহিলাই

October 11, 2020 5:52 pm · এন ই নাও নিউজ
Updated: October 11, 2020 5:55 pm

ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা এজন লম্পটৰ গুপাংগ কাটিলে এগৰাকী মহিলাই।

ঘটনাটো ঘটিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ দক্ষিণ জনপদ জিলাত।

ঘটনাৰ বিৱৰণীৰ মতে দেশখনৰ দক্ষিণ জনপদ জিলাৰ ভোলাৰ চৰফাচন উপ জিলাৰ ৰসুলপুৰ ইউনিয়নৰ ভাষানচৰ গুচ্চ গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা কৰিছিল মহম্মদ নইম নামৰ এগৰাকী লোকে।

ধৰ্ষণৰ পৰা নিজক ৰক্ষা কৰিবলৈ লোকজনৰ গুপাংগ কাটি পেলালে ভুক্তভোগী মহিলা গৰাকীয়ে।

স্থানীয় শশীভুষণ থানাত ধৰ্ষণৰ চেষ্টাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে যদিও অভিযুক্ত মহম্মদক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে অভিযুক্ত মহম্মদ নইমে ভুক্তভোগী মহিলাগৰাকীৰ বিৰুদ্ধে আদালত ওলোটাই গোচৰ তৰা বুলি জানিব পৰা গৈছে।

অভিযুক্ত মহম্মদ নেইমেই ভুক্তভোগী মহিলা গৰাকীৰ লগতে সাক্ষ্য প্ৰদান কৰিব খোজা লোকসকলকো ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। ফলত নিৰাপত্তাহীনতাত ভুগিছে ভুক্তভোগী বিধৱা মহিলা গৰাকী।

উল্লেখ্য যে বাংলাদেশত ধৰ্ষণজনিত কাণ্ডই সৰ্বকালৰ অভিলেখ ভংগৰ দিশে অগ্ৰসৰ হৈছে।

ইয়াৰ এদিন পূৰ্বে চট্টগ্ৰামত এগৰাকী মহিলা গণধৰ্ষণ বলি হৈছিল। উক্ত গণধৰ্ষণৰ আঠ অভিযুক্তক চট্টগ্ৰাম মেট্ৰোপলিটান মেজিষ্ট্ৰেট খাইৰুল আমিনৰ আদালতে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰিছে।

Related News