NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ডিফলু নদীত শিশুৰ সলিল সমাধি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 11, 2020 6:07 pm

বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত থকা ডিফলু নদীৰ পানীত পৰি যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ১০ বছৰীয়া শিশুটিৰ মৃতদেহ আজি উদ্ৰধাৰ কৰা হয়।

উল্লেখ্য যে নদীত কাপোৰ ধুবলৈ আইতাকৰ সৈতে নদীৰ পাৰলৈ গৈছিল দিপাঙ্কৰ ভুঞা নামৰ এই শিশুটি৷

আইতাকে নদীত কাপোৰ ধুই থকা অৱস্থাতে গা ধুবৰ বাবে নদীৰ পানীত নামিছিল শিশুটি৷ গা ধুই থকা অৱস্থাতে শিশুটি নিৰুদ্দেশ হৈছিল।

ঘটনাৰ সবিশেষ প্ৰশাসনক জনোৱাত ঘটনাস্থলত এছ ডি আৰ এফৰ উদ্ধাকাৰী দল গৈ উপস্থিত হৈ শিশুটিৰ সন্ধানত অভিযান চলাইছিল৷

অৱশ্যে অভিযানকাৰী দলটোৱে শিশুটিৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল।

অৱশেষত সুদীৰ্ঘ ৪২ ঘন্টাৰ অন্তত আজি পুৱা নদীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়  দিপাংকৰ ভুঞা নামৰ শিশুটিৰ মৃতদেহ৷

আজি পুৱা ডিফলু নদীত মাছমৰীয়াই ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে দিপাংকৰৰ মৃতদেহ৷ বোকাখাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে৷