NORTHEAST NOW (Assamese)

আটছাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৫ শাখাৰ সহযোগত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

February 18, 2021 2:56 pm · মীনাক্ষী ফুকন
ফটো: নর্থইষ্ট নাও।

২০২১ৰ নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহে চাহ শ্ৰমিকক লৈ ৰাজনৈতিক সমীকৰণ আৰম্ভ কৰিছে যদিও পুনৰ জাঙুৰ খাই উঠিছে চাহ শ্ৰমিক সকল।

এক দীৰ্ঘদিনীয়া দাবীৰে গোলাঘাটত পুনৰ জাগি উঠিল চাহ শ্ৰমিক। অসমৰ ক্ষুদ্ৰ চাহ বাগিছাত কৰ্মৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোকসকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমি পট্টা প্ৰদান কৰা আদি চাৰিটা দাবীৰে আজি গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই  দুঘন্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

গোলাঘাট জিলা সমিতিৰ উদ্যোগত পাঁচটাকৈ শাখা গোলাঘাট,দেৰগাওঁ, বোকাখাত, সৰুপথাৰ আৰু বৰপথাৰৰ সহযোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত  ‘বিজেপি চৰকাৰ গ’ বেক’, ‘সৰ্বানন্দ সোণোৱাল হায় হায়’, ‘চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

Related News