NORTHEAST NOW (Assamese)
অসম

কি জটিল পৰিস্থিতিত দলৰ দায়িত্ব মূৰ পাতি ল’ব লগা হৈছে এয়া ৰাইজে জানে : অগপ সভাপতি অতুল বৰা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা February 17, 2020 6:04 pm
Atul Borah

দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত এখন কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়।

সভাত সভাপতি অতুল বৰাৰ লগতে অসম যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

সভাত সমাগত পৌৰ সভাৰ নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনৰ বাবে ভবিষ্যত কৰ্মপন্থাৰ লগতে কিদৰে অগপৰ ভেটি সুদৃঢ় কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়।

সভাত সভাপতিত্ব কৰি অতুল বৰাই অসমৰ ৮৪ টা সমষ্টিত অগপৰ শিপা আছে আৰু সেই শিপাক মজবুত কৰাৰ বাবে প্ৰতিটো সমষ্টিত ক্ষীপ্ৰতাৰে কাম কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

বৰাই দলীয় প্ৰতিনিধি সকলক ৮৪ টা সমষ্টিত সাংগঠনিক ভেটি টনকিয়াল কৰাৰ উদ্দেশ্যে এই সভা আহ্বান কৰা হৈছে বুলি উল্লেখ কৰি কি জটিল পৰিস্থিতিত দলৰ দায়িত্ব মূৰ পাতি লব লগা হৈছে এয়া ৰাইজে জানে বুলি কয়।

আনহাতে, দলৰ বহু নেতা বেলেগ বেলেগ দলত গৈ আকৌ অগপলৈ ঘুৰি আহিছে কিন্তু এনে নিষ্টাবান কৰ্মীয়ো আছে যাৰ বাবে দলটি এতিয়াও অসমৰ মাতিত জীয়াই আছে বুলিও বৰাই লগতে কয়৷

‘‘নিষ্ঠাবান কৰ্মীসকলৰ বাবে মুকলি আকাশত উৰি আছে অগপৰ পতাকা তেখেত সকলৈ চ্যেলুট’’ অতুল বৰাই কয়।

অসমত অনুষ্ঠিত হোৱা সদ্য সমাপ্ত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভততো মন্তব্য প্ৰকাশ কৰে অতুল বৰাই৷

‘‘অসম উপকৃত হৈছে, বহুতে অসম নামৰ ৰাজ্য খনৰ কথা গম পাইছে,’’ অগপৰ সভাপতি গৰাকীয়ে লগতে কয়।