NORTHEAST NOW (Assamese)
অসম

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বোকাখাতত ভূমি পট্টা বিতৰণ 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 5, 2020 5:57 pm

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বোকাখাতত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্টা বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷

জিতেন শৰ্মা ৰাজখোৱাৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়া মানস জ্যোতি নাথে ৷

আদৰণী ভাষণত চক্ৰ বিষয়া গৰাকীয়ে জনায় যে, অতুল বৰাৰ কাৰ্যকালত বোকাখাতত এতিয়ালৈকে ৩০০০ গৰাকী হিতাধিকাৰীক ৫০০ বিঘাৰো অধিক মাটিৰ পট্টা প্ৰদান কৰা হয় ৷

আজিৰ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই ৩১৩ জন হিতাধিকাৰীলৈ আৱন্তন পট্টা প্ৰদান কৰে ৷ এই পট্টাৰে মহকুমাৰ মুঠ ২৭৪ বিঘা ৪ কঠা ৫ লোচা ভূমিক সামৰা হয় ৷

মুঠ হিতাধিকাৰীৰ ভিতৰত ১৬৮ জন প্ৰাক্তন চাহ জনগোষ্ঠীৰ হিতাধিকাৰী আৰু ১৪৫ জন স্থানীয় খিলঞ্জীয়া লোক বুলি ৰাজহ বিভাগে জনাইছে ৷

প্ৰাক্তন চাহ জনগোষ্ঠীৰ মাজত বিতৰণ কৰা ভূমিৰ পৰিমান ১৪১ বিঘা, ২ কঠা ১০ লেচা বুলি ৰাজহ বিভাগে জনায় ৷ পট্টা প্ৰদান কৰি অতুল বৰাই কয় যে, আমাৰ চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে বহু আঁচনি ৰূপায়ণ কৰিছে বুলি মন্তব্য কৰে ৷

অকল ভূমিৰ পট্টাই নহয় যুৱক যুৱতী, শ্ৰমিক, চাহ জনগোষ্ঠীকে লৈ দৰা কইণাৰ বাবেও আমাৰ চৰকাৰে আঁচনি প্ৰস্তুত কৰিছে ৷

বোকাখাত নাট্য মন্দিৰত আয়োজিত এই ভূমি পট্টা বিতৰণৰ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, ৰাজহ চক্ৰ বিষয়া মানস জ্যোতি নাথ, সংলগ্নিত বিষয়া শ্বাগুফতা চুহেলি আনজুম, অসম গণ পৰিষদ  দলৰ বোকাখাত জিলা সভাপতি জগত কলিতা, ভূমি উপদেষ্টা পৰিষদৰ সদস্য সোনালাল সোনাৰো উপস্থিত থাকে ৷