NORTHEAST NOW (Assamese)

Breaking News: আইপিএলৰ মেগা নিলামৰ মাজতে ঢলি পৰিল নিলামকাৰী হাগ এডমিডছ্

February 12, 2022 2:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2022 2:44 pm

২০২২ বৰ্ষৰ আইপিএলৰ বাবে আজি চলি থকা মেগা নিলামৰ মাজতে মঞ্চতে ঢলি পৰিছে নিলামকাৰী হাগ এডমিডছ্।

এডমিডছ্ বাগৰি পৰাৰ লগে লগে বন্ধ হৈ পৰিছে আইপিএলৰ নিলাম।

বৰ্তমানলৈকে তেওঁৰ অসুস্থতাৰ কাৰণ সম্বন্ধে জানিব পৰা নাই।

৬৩ বৰ্ষীয় ব্ৰিটিছ নিলামকাৰী হাগ এডমিডছ্ শ্ৰীলঙ্কাৰ অলৰাউণ্ডাৰ ৱানিন্দু হছৰাঙ্গাৰ নিলাম চলি থকাৰ মাজতে হঠাতে বাগৰি পৰি বেহুঁচ হৈ পৰে।

তেওঁ বাগৰি পৰাৰ লগে লগে চিকিৎসাকৰ্মী সকল সেই স্থানত উপস্থিত হৈ তৎকালীনভাৱে চিকিৎসা সেৱা আৰম্ভ কৰে।

শেহতীয়া খবৰ অনুসৰি বৰ্তমান এডমিডছ্ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সুস্থ অৱস্থালৈ ঘূৰি আহিছে।

ইতিমধ্যে এডমিডছক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News