NORTHEAST NOW (Assamese)

ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় স্কোৰৰ অভিলেখ অষ্ট্ৰেলিয়াৰ; ভংগ ১৭ বছৰীয়া পুৰণি অভিলেখ

November 27, 2020 3:26 pm · এন ই নাও নিউজ

ভাৰতৰ বিৰুদ্ধে আজিৰ পৰা আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলতে অভিলেখ অৰ্জন কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট দলে।

আজি টছত জয়ী হৈ প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক স্কোৰ কৰাৰ অভিলেখ গঢ়ে।

অষ্ট্ৰেলিয়াই অধিনায়ক এৰ’ণ ফিন্স আৰু পূৰ্বৰ অধিনায়ক ষ্টিভ স্মিথৰ শতকীয় ইনিংছৰ সহায়ত ভাৰতৰ বিৰুদ্ধে বিশাল ৩৭৪/৬ ৰান সংগ্ৰহ কৰে।

এই অভিলেখ গঢ়াৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই ১৭ বছৰীয়া পূৰণি অভিলেখ ভংগ কৰে।

২০০৩ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ৩৫৯/২ ৰান সংগ্ৰহ কৰিছিল।

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ভাৰতীয় ক্ৰিকেট দলৰ বলাৰ সকলে অষ্ট্ৰেলিয়াৰ বেটছমেন সকলৰ সন্মুখন কোনোধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম নহ’ল।

বলিং বিভাগত যাচপ্ৰীত বুমৰাহ, যুবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী আজি শোচনীয়ভাৱে ব্যৰ্থ হয়।

Related News