NORTHEAST NOW (Assamese)
Popular Stories

কোৰোণাৰে ধন চপাইছে গৌতম আদানিয়ে! এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 5:12 pm

কোৰোণাৰে ধন চপাইছে গুজৰাটী ব্যৱসায়ী গৌতম আদানিয়ে।

শেহতীয়াকৈ তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি ব্যক্তি হিচাপে দ্বিতীয় স্থানলৈ উন্নিত হৈছে।

এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে চীনৰ বিলিয়নাৰ ঝং শ্বেনশ্বানক।

ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ শেহতীয়া তালিকাখনত আদানিয়ে বিশ্বৰ ভিতৰত ১৪ নম্বৰ স্থানলৈ আৰোহণ কৰিছে।

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু প্ৰমোটাৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৭.৮ বিলিয়ন ডলাৰ।

উল্লেখযোগ্য যে মুকেশ আম্বানীৰ পাছতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰা গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ চলিত বৰ্ষতে ১০০ শতাংশ বৃদ্ধি হৈছে।