NORTHEAST NOW (Assamese)
Popular Stories

৩০ বছৰৰ কাৰাবাসৰ অন্তত মুক্তি পাব নেকি ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে? কি ক’লে কংগ্ৰেছে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 6:17 pm

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে যোৱাকালি ৰাষ্ট্ৰপতি ৰাম নাথ কোভিন্দক দিয়া এক দাবীৰ প্ৰতিবাদ কৰিছে ৰাজ্যখনৰ কংগ্ৰেছ কমিটিয়ে।

ৰাষ্ট্ৰপতিলৈ ষ্টেলিনে লিখিছিল যে ১৯৯১ চনত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযোগত জীৱনজোৰা কাৰাবাসৰ পৰা অনতিবিলম্বে মুক্তি দিব লাগে।

শুকুৰবাৰে ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি কে এছ আলাগিৰিয়ে কয় যে মুখ্যমন্ত্ৰীৰ দাবীৰ প্ৰতি কংগ্ৰেছ সহমত নহয়।

ৰাজীৱ গান্ধীৰ ৩০তম মৃত্যুবাৰ্ষিকী উপলক্ষে চেন্নাইস্থিত ৰাজ্যিক কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি আলাগিৰিয়ে কয় যে অভিযুক্তকেইজনৰ ওপৰত কেৱল আদালতে ব্যৱস্থা ল’ব পাৰিব।

এইক্ষেত্ৰত কোনোধৰণৰ ৰাজনৈতিক চাপে ক্ৰিয়া নকৰে বুলি তেওঁ কয়।

আনহাতে, কিছু দিন পূৰ্বে কংগ্ৰেছ নেতা তথা ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁৰ দেউতাকৰ হত্যাকাৰীসকলক তেওঁ ক্ষমা কৰি দিছে।

এই সংক্ৰান্তত আলাগিৰিয়ে কয় যে ক্ষমাদান আৰু অভিযুক্তৰ মুক্তি দুটা ভিন্ন বিষয়।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১ মে’ত ৰাজ্যখনৰ শ্ৰীপাৰুমবুদুৰ নামৰ ঠাইখনৰ কংগ্ৰেছৰ নিৰ্বাচনী ৰেলীত ধনু নামৰ এগৰাকী মহিলা আত্মঘাটী বোমাৰুৰ বিস্ফোৰণত ৰাজীৱ গান্ধীৰ হত্যা কৰা হৈছিল।