NORTHEAST NOW (Assamese)
অসম

ক’ভিডকালত দুই শিক্ষানুষ্ঠানৰ ক’ভিড ৰোগীলৈ সহায়ৰ হাত ,এম্বুলেন্স প্ৰদান

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক May 21, 2021 6:30 pm
nn

কভিডৰ সংকট কালত তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ক তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ তৰফৰ পৰা আজি ক’ভিড আক্ৰান্ত ৰোগীৰ সহায়ক হোৱাকৈ এখন এম্বুলেন্স প্ৰদান কৰে ।

এই এম্বুলেন্স খন তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° গৌতম মেধিয়ে চমজি লয়।

এম্বুলেন্স প্ৰদান অনুষ্ঠানত তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ ফাদাৰ ক্ৰমে চেভিয়াৰ আৰু মেবি উপস্থিত থাকে ।

তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰৱন্ধক কিশোৰ শৰ্মা, গাননিক বিষয়া শিব প্ৰসাদ শৰ্মা আৰু ব্লক ডাটা মেনেজাৰ ললিত সুবেদী সহ কৰ্মচাৰী সকল উপস্থিত থাকে ।

ডা° গৌতম মেধীয়ে কয় যে এম্বুলেন্স খন ক’ভিডৰ সংকটকালত ৰোগী সকলক যথেষ্ট উপকৃত কৰিব
স্কুল কৰ্তৃপক্ষই সাংবাদিকক জনোৱা মতে ক’ভিড মহামাৰীৰ সংকটপূৰ্ণ সময়ত আমি ৰাইজক কিবা এটি সহায়ৰ হাত আগবঢ়াবলৈ ঠিৰাং কৰি আজি আমাৰ তৰফৰ পৰা এখন এম্বুলেন্স ক’ভিড ৰোগীৰ উপকাৰ হোৱাকৈ প্ৰদান কৰিলো।

নিশ্চয় ইয়াৰ দ্বাৰা ৰোগী সকল কিছু পৰিমাণে সহায় লাভ কৰিবলৈ সক্ষম হব বুলি আাশা কৰিছোঁ ৷