NORTHEAST NOW (Assamese)

নুমলীগড় শোধনাগাৰৰ দ্বাৰা সাহিত্যিক পূৰবী বৰমুদৈক সম্বৰ্ধনা

September 28, 2018 8:43 pm ·

অসমৰ প্ৰখ্যাত সাহিত্যিক সাহিত্য অকাডেমী বঁটা প্ৰাপক পূৰৱী বৰমুদৈক নুমলীগড় শোধনাগাৰে সম্পৰ্ধনা জ্ঞাপন কৰিছে। কোম্পানীটোৰ কৰ্প’ৰেট কমিউনিকেশ্যন সহকাৰী প্ৰৱন্ধক প্ৰিয়ংকা হাজৰিকাই এটা সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটা নাতিদীৰ্ঘ অনুষ্ঠানত পূৰৱী বৰমুদৈক সম্বৰ্ধনা জনায়। বৰমুদৈক সম্বৰ্ধনা জনায় এনআৰএলৰ ছিনিয়ৰ চিজিএম (এইচ্চআৰ) দেবাশীষ চৌধুৰী, এনআৰএলৰ চিজিএম (চিএছআৰ) পি কে বৰুৱা আৰু নুমলীগড় শোধনাগাৰ লিমিটেড শাখা সাহিত্য সভাৰ বিষয়া কৰ্মচাৰীয়ে লেখিকাগৰাকীক সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভাত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে বৰমুদৈক এখন অভিনন্দনপত্ৰ আৰু ১লাখ টকা প্ৰদান কৰা হয়।

পূৰবী বৰমুদৈ আৰু তেওঁৰ স্বামী ড০ আনন্দ বৰমুদৈয়ে বিশেষ সম্বৰ্ধনাৰ বাবে নুমলীগড় শোধনাগাৰক আন্তৰিক ধন্যবাদ জনায়।

কমিউনিকেশ্যন সহকাৰী প্ৰৱন্ধক প্ৰিয়ংকা হাজৰিকাই কৈছে যে কৰ্প’ৰেট ছচিয়েল ৰেছপন্সিবিলিটিৰ অন্তৰ্গত কলা, সাহিত্য আৰু সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি আহিছে। তেওঁ কয়, ‘‘ৰাজ্যৰ এটা সচেতন কৰ্প’ৰেট নাগৰিক হিচাপে এনআৰএলে অসমৰ প্ৰখ্যত ব্যক্তিত্বক সম্বৰ্ধনা জনাই আহিছে। ইয়াৰ পূৰ্বে এনআৰএলে অসমীয়া সাহিত্য সংস্কৃতিৰ এগৰাকী মহিৰূহ যতীন গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।’’

Related News