NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, নতুন দিল্লী

অসম

পিকআপ ভ্যান আৰু এছ ইউ ভিৰ মাজত মুখামুখি সংঘৰ্ষ; ১২ জন নিহত, গুৰুতৰভাৱে আহত ২০ জন

এখন পিকআপ ভ্যান আৰু এখন এছ ইউ ভিৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় ১২ জন শ্ৰমিক। গুৰুতৰভাৱে আহত হৈছে কমেও ২০জন লোক।…

এন ই নাও নিউজ, নতুন দিল্লী · April 30, 2026 9:58 am
Popular Stories

তদন্তৰ নামত অভিযুক্তৰ পৰা ধন লৈ গুৱাহাটীত গ্ৰেপ্তাৰ ছত্তীশগড় আৰক্ষীৰ এটা দল 

অসম আৰক্ষীৰ এক বিশেষ অভিযানে আজি মহানগৰীৰ পল্টনবজাৰ অঞ্চলত ছত্তীশগড় আৰক্ষীৰ এটা তদন্তকাৰী দলৰ চাৰিজন সদস্যক উৎকোচ গ্ৰহণৰ অভিযোগত আটক কৰে। ধৃত আৰক্ষী কৰ্মীসকলৰ ভিতৰত এজন উপ-পৰিদৰ্শক আৰু তিনিজন কনিষ্টবল থকা বুলি চিনাক্ত কৰা হৈছে। এটা অনলাইন প্ৰৱঞ্চনাৰ গোচৰৰ তদন্তৰ বাবে ছত্তীশগড়ৰ পৰা গুৱাহাটীলৈ অহা দলটোৱে গোচৰটোৰ এজন অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ লগতে সেই ধন গ্ৰহণ কৰাৰ সময়তে গুৱাহাটী আৰক্ষীৰ হাতত ধৰা পৰে।  প্ৰাপ্ত তথ্য অনুসৰি, ছত্তীশগড় আৰক্ষীৰ এই দলটোৱে এটা অনলাইন বেটিং বা জুৱাৰ সৈতে জড়িত গোচৰৰ তদন্তৰ বাবে গুৱাহাটীলৈ আহিছিল। অভিযোগ উত্থাপিত হৈছে যে দলটোৱে গোচৰটোত নাম সাঙোৰ খাই থকা এজন অভিযুক্তক আইনী ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে কেইবা লাখ টকা দাবী কৰিছিল। অভিযুক্তজনৰ পৰিয়ালে এই সন্দৰ্ভত গুৱাহাটী আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰাৰ পাছতে এক সুপৰিকল্পিত জাল পেলাই আৰক্ষীৰ দলটোক হাতে-লোটে ধৰা হয়। অভিযানকালত তেওঁলোকৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।  মহানগৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে আইনৰ ৰক্ষক হৈ এনেদৰে ভক্ষকৰ ভূমিকা পালন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁ জানিবলৈ দিয়ে যে ছত্তীশগড় আৰক্ষীৰ দলটোৱে গুৱাহাটীত উপস্থিত হৈ স্থানীয় আৰক্ষী চকীক কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈয়ে নিজাববীয়াকৈ অভিযান চলাইছিল, যিটো চৰকাৰী প্ৰট’কলৰ পৰিপন্থী। বৰ্তমান ধৃত চাৰিওজন আৰক্ষী কৰ্মীক এক গোপন স্থানত জেৰা অব্যাহত ৰখা হৈছে।  এই ঘটনাই আন্তঃৰাজ্যিক তদন্তৰ নামত আৰক্ষীৰ একাংশই চলোৱা স্বেচ্ছাচাৰিতাৰ দিশটো পুনৰ পোহৰলৈ আনিছে। পূৰ্বেও অনুৰূপ ধৰণৰ ঘটনাই আৰক্ষী বাহিনীৰ ভাবমূৰ্তি ম্লান কৰা দেখা গৈছিল। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ধৃত বিষয়া আৰু কৰ্মীসকলৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলিছে।  বৰ্তমান গুৱাহাটী আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ছত্তীশগড় আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ সৈতে যোগাযোগ ৰক্ষা কৰিছে। অভিযুক্ত চাৰি আৰক্ষী কৰ্মীক আদালতত হাজিৰ কৰোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। সমগ্ৰ বিষয়টোৰ ওপৰত বৰ্তমান আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰভাৱে অব্যাহত আছে। 

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2026 8:58 am
অসম

১০৩ ধাৰা হৈ পৰিল ৪০৩! আৰক্ষীৰ টাইপিং ভুলৰ বাবে জামিন লাভ অভিযুক্ত সোণমৰ

মেঘালয়ত হানিমুনলৈ গৈ নৃশংসভাৱে হত্যা কৰে স্বামীক। ২০২৫ চনত সোণম ৰঘুবংশীৰ গোচৰত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। যোৱা মঙলবাৰে সেই গোচৰত হঠাৎ…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2026 8:53 am
অসম

এবছৰত ৬৪ শতাংশ বৃদ্ধি! ভাৰত-বাংলাদেশৰ মাজৰ ‘চৰকাৰী সহযোগিতাত’ জয়জয়-ময়ময় আদানীৰ!

কিছুদিন পূৰ্বে মুকেশ আম্বানীৰ অঁতৰাই তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। এতিয়া গৌতম আদানীৰ সম্পত্তিৰ আশ্চৰ্যজনক তথ্য ৰাজহুৱা হৈছে। পৰিসংখ্যা…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2026 7:52 am
Popular Stories

পৰিৱেশৰ প্ৰতি চৰম ভাবুকি: ভাৰতৰ কয়লা খনিৰ পৰা নিৰ্গত মিথেন গেছক লৈ বিশ্বজুৰি উদ্বেগ

বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰক মিথেন গেছ নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ এক উদ্বেগজনক তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। ‘গ্ল’বেল এনাৰ্জী মনিটৰ’ (GEM) নামৰ আন্তঃৰাষ্ট্ৰীয়…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2026 7:25 am
Popular Stories

জনপ্ৰিয় ইনফুয়েন্সাৰ পত্নীক হত্যাৰ পিছত স্বামীৰ চৰম সিদ্ধান্ত, চেন্নাইত চাঞ্চল্য সৃষ্টি

চেন্নাইৰ নাংগানাল্লুৰ অঞ্চলত এক অতি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী জনপ্ৰিয় ইনফুয়েন্সাৰ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ স্বামীৰ বিৰুদ্ধে। কেৱল…

· April 29, 2026 8:59 pm
দেশ

বৰষুণৰ পানীত উটি আহিল কটা মানুহৰ ভৰি: বামুণীমৈদামত চাঞ্চল্য

গুৱাহাটীৰ বামুণীমৈদাম অঞ্চলত বুধবাৰে পুৱা এক অতি ভয়ংকৰ তথা বিচলিত কৰা ঘটনা পোহৰলৈ আহিছে। মহানগৰীত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্রিম…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2026 8:37 pm
Popular Stories

পাঁচখন ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা: অসমত পুনৰ হিমন্ত, বংগত বিজেপিৰ উত্থান আৰু কেৰালাত কংগ্ৰেছৰ সম্ভাৱনা

চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া সকলো প্ৰাৰ্থীৰ ভাগ্য ইলেক্ট্ৰনিক ভোটিং মেচিন বা…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2026 7:59 pm
অসম

আকৌ ফুলিব পদুম : এগজিট প’লে আউল লগাইছে বিৰোধীৰ অংকত

অসমত পুনৰ চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে। আজি সন্ধ্যা ৬.৩০ বজাত প্ৰকাশ হৈছে কেইবাটাও ৰাজনৈতিক সংস্থা আৰু সংবাদ প্ৰতিষ্ঠানৰ এগজিট…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2026 7:39 pm
অসম

অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাই : নিহাৰ জ্যোতি শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ভিডিঅ’ প্ৰকাশ যুৱতীগৰাকীৰ

গুৱাহাটীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ সমগ্ৰ অসমতে চাঞ্চল্য সৃষ্টি কৰা ভাৱনা শৰ্মাই অৱশেষত নিজৰ নিৰুদ্দেশৰ অন্তৰালৰ ৰহস্য ফাদিল কৰিছে। ছচিয়েল মিডিয়াত এটা…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2026 6:17 pm