NORTHEAST NOW (Assamese)

Author: মহেশ ডেকা

Popular Stories

গুৱাহাটী ৰিং ৰোড প্ৰকল্প: উন্নয়নৰ ধামখুমীয়াত অস্তিত্বৰ সংকটত আমচাং আৰু ঐতিহাসিক জলাশয়সমূহ

গুৱাহাটীৰ বিপৰ্যস্ত প্ৰাকৃতিক ভাৰসাম্য এতিয়া ভয়াৱহ সংকটৰ গৰাহত। যান-জঁট আৰু নগৰ সম্প্ৰসাৰণৰ দোহাই দি প্ৰস্তাৱিত ‘ৰিং ৰোড’ প্ৰকল্পই চহৰখনৰ পূব আৰু দক্ষিণ…

মহেশ ডেকা · February 11, 2026 1:19 pm
Popular Stories

খনন আইন লংঘন অসম চৰকাৰৰ! উচ্ছেদ অভিযানৰ বাবে এমএমডিআৰআৰ পুঁজিৰ অপব্যৱহাৰ

অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে খনি আৰু খনিজ উন্নয়ন, পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন পুঁজি (এমএমডিআৰআৰ)ৰ পৰা অবৈধভাৱে ৬.১২ কোটি টকাৰ অধিক ধনৰাশি…

মহেশ ডেকা · October 26, 2025 5:15 pm
অসম

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ…

মহেশ ডেকা · August 18, 2025 1:19 pm
অসম

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

কেলিফৰ্ণিয়াত স্বাস্থ্যসেৱা জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসমৰ তন্ময় শৰ্মা। ছ’ভাৰেইন হেল্থ গ্ৰুপৰ প্ৰতিষ্ঠাপক শৰ্মাই ২০১৪-২০২০ চনত প্ৰৱঞ্চনামূলকভাবে বীমা দাবী আৰু অবৈধ পাৰিশ্ৰমিকৰ…

মহেশ ডেকা · June 3, 2025 9:28 am
Popular Stories

বন্যজন্তুৰ ৰপ্তানিক লৈ সৰৱ দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী গোটক ভাবুকি আম্বানীৰ বনতাৰাৰ!

বন্যপ্ৰাণী সংৰক্ষণ সংস্থাসমূহৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক, দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী পশু সুৰক্ষা মঞ্চই বন্যপ্ৰাণীৰ বৃহৎ পৰিসৰৰ ৰপ্তানিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ পাছত বনতাৰা নামেৰেও…

মহেশ ডেকা · March 21, 2025 12:28 pm
Popular Stories

ছয় বছৰত অসমত ৩০০ৰো অধিক হাতীৰ মৃত্যু! নৰ্থইষ্ট নাওৰ RTI আবেদনত ভয়ংকৰ তথ্য

চোৰাং চিকাৰ, বিষক্ৰিয়া, বিদ্যুৎস্পৃষ্ট হৈ তথা ৰে’ল দুৰ্ঘটনাকে ধৰি  বিভিন্ন প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক কাৰণত অসমত যোৱা ছয় বছৰত ৩০০ৰো অধিক হাতীয়ে প্ৰাণ…

মহেশ ডেকা · January 9, 2025 5:24 pm
Popular Stories

কাজিৰঙাক পৰিবেশ সংবেদনশীল অঞ্চল ঘোষণাৰ বাবে দাখিল কৰা আবেদনত স্থগিতাদেশ গুৱাহাটী হাই কোৰ্টৰ

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে ইক’-ছেন্সিটিভ জ’ন ঘোষণাৰ বাবে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ মামলা বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখে। একেটা…

মহেশ ডেকা · October 24, 2024 9:27 pm
অসম

উচ্চ ৰক্তচাপ: চাহ বাগিচাৰ শ্ৰমিকৰ বাবে প্ৰয়োজন চিকিৎসাৰ ধাৰাবাহিকতা

৫৯ বছৰীয়া ষ্ট্ৰোক আক্ৰান্ত চাহ শ্ৰমিক পাৰ্বতী ৰাজপুত সুস্থ হোৱাৰ পিছত যেতিয়া চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল, চিকিৎসকে ২০ দিন পিছত পুনৰ এবাৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিছিল। লগতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত লগত দি পঠিওৱা ঔষধসমূহ নিয়্মীয়াকৈ খাবলৈ কৈছিল। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ দুদিনমানৰ পিছত তেওঁৰ দৰব খোৱা অনিয়মীয়া হৈ পৰিল। আৰু চিকিৎসকে পৰীক্ষাৰ বাবে যাবলৈ দিছিল যদিও, তেওঁ আৰু দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়লৈ নগ’ল। পাৰ্বতী ৰাজপুত ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিছাৰ শ্ৰমিক। দীৰ্ঘদিন ধৰি উচ্চ-ৰক্তচাপৰ সমস্যাত ভূগি থকা পাৰ্বতী  ৰাজপুত যোৱা বছৰ নৱেম্বৰ মাহত ষ্ট্ৰোকত আক্ৰান্তহৈ সংজ্ঞাহীন হৈ পৰিছিল।অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।তাত তেওৰ স্বাস্থ্যৰ বিশেষ উন্নতি নোহোৱাত পিছদিনা এখন ব্যক্তিগত চিকিৎসালয়ললৈ স্থানান্তৰ কৰা হয়।প্ৰায় এসপ্তাহ হাস্পতালত থকাৰ পিছত তেও কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। কেবল পাৰ্বতী ৰাজপুতেই নহয় চাহ শ্ৰমিকসকলৰ বেছি ভাগেই চিকিৎসাৰ ধাৰাবাহিকতা ৰক্ষা নকৰে। ৰোগত আক্ৰান্ত শ্ৰমিকসকলে অলপ সুস্থ হ’লেই দৰৱ খোৱা বন্ধ কৰে আৰু বাগিচাৰ কামত ধৰে।বেছিভাগ শ্ৰমিকেই পৰীক্ষাৰ বাবে দুনাই চিকিৎসকৰ ওচৰলৈ নাযায়। আচলতে আৰ্থিক অনাটনৰ বাবেই এই শ্ৰমিকসকল অসুস্থ হ’লেও দীৰ্ঘদীন বিশ্ৰাম লৈ থাকিব নোৱাৰে আৰু শৰীৰ অলপ টঙাব পাৰিলেই বাগিচাৰ কামত যাব বিচাৰে। আনহাতে, চাহ শ্ৰমিক সকলৰ মাজত যিহেতু এতিয়াও শিক্ষিতলোকৰ সংখ্যা নিচেই তাকৰ, সেয়ে তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা একেবাৰে কম। স্বাস্থ্য সচেতনতাৰ অভাৱৰ বাবেই  উচ্চ-ৰক্তচাপৰ দৰে নীৰৱ ঘাতক ৰোগৰ ভয়াৱ্হতা তেওঁলোকে উপলদ্ধি কৰিব নোৱাৰে। এই লেখকে ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ পাচখন চাহ বাগিচা…

মহেশ ডেকা · April 30, 2021 7:39 pm
অভিমত

অসমৰ চাহ শ্ৰমিকৰ দুৰ্বল আৰ্থিক অৱস্থা আৰু বাগিচাত নিৰৱ ঘাটক উচ্চ ৰক্তচাপৰ বিভীষিকা

অসমৰ চাহ শ্ৰমিকসকলৰ এক বৃ্হৎ অংশৰ উচ্চ ৰক্তচাপৰ সমস্যা (hypertension) আছে আৰু প্ৰতি বছৰে এক বুজন সংখ্যক শ্ৰমিকৰ উচ্চ ৰক্তচাপ জনিত ষ্ট্ৰোক…

মহেশ ডেকা · April 29, 2021 10:47 am
অভিমত

অসমৰ চাহ শ্ৰমিকৰ নীৰৱ ঘাতক উচ্চ-ৰক্তচাপৰ সমস্যা

৬২ বছৰীয়া চাহ শ্ৰমিক দুধনাথ ৰাজপুট দুপৰীয়াৰ আহাৰ খোৱাৰ পিছ্ত চাইকেলখন লৈ ওচৰৰ লাইনৰ এঘৰলৈ ওলাই গৈছিল । জেঠ মহীয়া উৎকট গৰমৰ…

মহেশ ডেকা · March 30, 2021 7:30 pm