NORTHEAST NOW (Assamese)

ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা

January 14, 2019 4:22 pm · উত্তম শইকীয়া

আজি ভোগালীৰ উৰুকা ৷ ভোগালীৰ আনন্দত ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত কাজিৰঙাৰ গভীৰ অৰণ্যত জাতীয় সম্পদ গঁড়ৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাত ব্যস্ত হৈ আছে বনকৰ্মীসকল ৷ ভোগলী বিহুত পৰিয়ালৰ পৰা দূৰত থাকি অটব্য অৰণ্যত কৰ্মৰত এই বনকৰ্মী সকলক আজি উৰুকাত চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলাৰে বিহুৰ শুভেচ্ছা জনায় উদ্যান কৰ্তৃপক্ষই ৷

বোকাখাতত থকা বন সংমণ্ডল কাৰ্যালয়ৰ পৰা উদ্যানখনৰ পাঁচোটা বনাঞ্চলত কৰ্মৰত ১৫ শ বন কৰ্মীক এই উপহাৰ প্ৰেৰণ কৰা হয় ৷ এই উদ্দেশ্যে বোকাখাতৰ বন সংমণ্ডল কাৰ্যালয় প্ৰাঙ্গনত আয়োজিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক আকাশ দ্বীপ বৰুৱা, ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক ভাস্কৰ জ্যোতি বুঢ়াগোঁহাই আৰু বন খণ্ড বিষয়া তৰুণ গগৈ উপস্থিত থাকে ৷ অনুষ্ঠানতে সঞ্চালক আকাশ দ্বীপ বৰুৱাই বন কৰ্মীৰ হাতত আনুষ্ঠানিকভাৱে বিহুৰ উপহাৰ প্ৰদান কৰে৷

Related News