NORTHEAST NOW (Assamese)
অসম

কিছুদিনলৈ গাহৰি মাংস নাখাব

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 18, 2020 4:43 pm

আপুনি যদি গাহৰি মাংস খাই ভাল পায়, তেন্তে এতিয়াৰে পৰা কিছুদিনলৈ এই মাংসবিধ বৰ্জন কৰক।

অসমৰ সকলো জিলাতে এতিয়ালৈকে ধৰা পৰা নাই যদিও, শিৱসাগৰত গাহৰিৰ দেহত ধৰা পৰিছে ক্লাছিকেল ছোৱাইন ফিভাৰ।

গুৱাহাটীৰ আঞ্চলিক গৱেষণাগাৰে এই তথ্য নিশ্চিত কৰিছে।

শিৱসাগৰ জিলা পশুধন বিভাগৰ তথ্যমতে জিলাখনৰ প্ৰায় ২০খন গাঁৱত ২৭৪০টা গাহৰিৰ দেহত ধৰা পৰিছে এই বিধ ৰোগ। এতিয়ালৈকে মৃত্যু হৈছে ৭৩৪ টা গাহৰিৰ।

শিৱসাগৰ জিলা পশুপালন বিষয়া অক্ষয়ভট কেশৰীয়ে বৰ্তমান সময়ত কিছুদিনলৈ পৰাপক্ষত গাহৰি মাংস নাখাবলৈ অনুৰোধ জনাইছে।

ৰোগবিধে ইতিমধ্যে উজনি অসমৰ গাহৰিপালকসকলক নিদ্ৰাহৰণ কৰিছে।

পশুপালন বিষয়া কেশৰীয়ে জনোৱা মতে বৰ্তমান জিলাখনৰ গাহৰিসমূহক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে।

বীজাণুৰ সংক্ৰমণ ৰোধৰ বাবে গাহৰিৰ ওচৰলৈ মানুহকো নাযাবলৈ পৰামৰ্শ প্ৰদান কৰিছে বিষয়া গৰাকীয়ে।

ৰোগবিধ নিৰ্মূলৰ বাবে উপযুক্ত চিকিৎসাৰ লগতে গাহৰি গঁৰাল বা ফাৰ্মসমূহ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে।

ইফালে মৃত গাহৰিসমূহ পুতি পেলোৱাৰ পৰিৱৰ্তে নদীত উটুৱাই দিয়াৰ ফলত ইয়াৰ সংক্ৰমণ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে।