NORTHEAST NOW (Assamese)
জীৱনশৈলী

সজাগ হওকঃ গৰ্ভাৱস্থাত আঁতৰি থাকক এনে খাদ্যৰ পৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2024 7:02 am
Foods to avoid when pregnant

গৰ্ভাৱস্থাত প্ৰতিগৰাকী মহিলাক পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু স্বাস্থ্যসন্মত খাদ্যৰ বাহিৰেও গৰ্ভৱতী মহিলাসকলে কিছুমান বিশেষ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

কিয়নো মাতৃয়ে যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ কেঁচুৱাত পৰে, যিকোনো বস্তু খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।

আজি আমি এই লেখাটোৰ জৰিয়তে আপোনালোকক জনাম, গৰ্ভাৱস্থাত কোনবোৰ খাদ্য খাব নালাগে। এইবোৰ খোৱাটো শৰীৰৰ বাবে অত্যন্ত বিপদজনক হ’ব পাৰে!

জাংক ফুড

গৰ্ভৱতী মহিলাই পৰাপক্ষত জাংক ফুড খাব নালাগে। এনে খাদ্য খোৱাৰ পিছত যদি আপুনি বেমাৰত পৰে, তেন্তে ঔষধ খোৱাৰ প্ৰয়োজন হয়।

সাধাৰণতে এনে কিছু ঔষধ থাকে, যি গৰ্ভত বাঢ়ি অহা কেঁচুৱাটোৰ বাবে ক্ষতিকাৰক হৈ উঠে। গতিকে ষ্ট্ৰীট ফুড, জাংক ফুডৰ পৰা আঁতৰি থকাটোৱেই ভাল।

সুৰা

মাজে মাজে সুৰা পান কৰিলে কোনো দোষ নাই! কিন্তু প্ৰচুৰ পৰিমাণে সুৰা পান কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সময়ত ধূমপান বা মদ্যপান কৰা উচিত নহয়। এই সময়ছোৱাত অতিৰিক্ত ড’পামিন হৰম’ন নিঃসৰণে শিশুৰ ক্ষতি কৰে।

তেলীয়া খাদ্য

গৰ্ভৱতী মহিলাই খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত। গৰ্ভাৱস্থাত মহিলাই তেলীয়া যিকোনো খাদ্যৰ পৰা যিমান পাৰি বিৰত থাকিব লাগে।

কিয়নো ইয়াত অধিক পৰিমাণৰ নিমখ আৰু চেনি থাকে; লগতে প্ৰচুৰ পৰিমাণে সংৰক্ষক ৰাসায়নিক পদাৰ্থ থাকে, যিসমূহে গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক প্ৰভাৱিত কৰিব পাৰে।

কেফেইন

সাধাৰণতে বহু মহিলাৰ চাহ বা কফি খোৱাৰ প্ৰৱণতা থাকে। আকৌ একাংশই মানসিক চাপ কমোৱাৰ বাবে চাহ বা কফি একাপ বাছি লয়।

গৰ্ভাৱস্থাত এই প্ৰৱণতা হ্ৰাস কৰিবলৈ বা আঁতৰি থাকিবলৈ চেষ্টা কৰক। শৰীৰত অতিৰিক্ত কেফেইনে গৰ্ভপাত বা জন্মৰ সময়ত কম ওজনৰ শিশু জন্ম দিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।