NORTHEAST NOW (Assamese)

“আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ

June 4, 2020 9:20 pm · এন ই নাও নিউজ

যুগজয়ী অসমীয়া আলোচনী “আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক আজি ৪২তম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

সাংস্কৃতিক সংস্থা ‘চিৰ সেউজ’ৰ উদ্যোগত গুৱাহাটীৰ দক্ষিণ শৰণীয়াত অনুষ্ঠিত এক অনুষ্ঠানত যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই শহুৰেক হিচাপে ওচৰৰ পোৱা স্মৃতি ৰোমন্থন কৰে।

তেওঁ কয় যে ডাঃ দীননাথ শৰ্মা অতি কষ্টসহিষ্ণু আৰু ব্যক্তিত্বসম্পন্ন লোক আছিল। “আৱাহন” প্ৰকাশৰ কাৰণে তেওঁ যি কষ্ট কৰিছিল তাৰ তুলনা পাবলৈ নাই।

“তেওঁৰ বৰপুত্ৰ দিলীপ শৰ্মাৰ সতে হোৱা মোৰ অসবৰ্ণ বিবাহলৈ আন্তৰিকতাৰে সমৰ্থন দিছিল। মোলৈ এখন বেনাৰচী শাৰী আৰু সোণৰ আঙুঠি পঠাই দিছিল। বিয়াৰ পিছতো তেওঁৰ ব্যৱহাৰত মই মুগ্ধ হৈছিলো। তেওঁৰ আটাইকেইটি সন্তান প্ৰতিভাসম্পন্ন আছিল। স্বামী দিলীপ শৰ্মাক জ্যোতিপ্ৰসাদে জয়মতীৰ দ্বিতীয় সংস্কৰণৰ সহকাৰী সংগীত পৰিচালনাৰ দায়িত্ব দিছিল।তেওঁৰ লগতে দুই জীয়ৰী আৰতি শৰ্মা আৰু মিনতি শৰ্মাই গীত গাইছিল।আনজন পুত্ৰ দীপক শৰ্মাই আৱাহন প্ৰকাশত সহযোগ কৰিছিল।পিছত নৰৱেলৈ গৈয়ো ইংৰাজী আলোচনী উলিয়াইছিল,” সুদক্ষিণা শৰ্মাই কয়।

অনুষ্ঠানত সম্প্ৰতি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি থকা “আৱাহন”ৰ গ্ৰন্থৰূপৰ সম্পাদক পৰমানন্দ মজুমদাৰে দীননাথ শৰ্মা কৃতিত্ব আৰু মুক্ত চিন্তাৰ কেতবোৰ স্মৰণীয় দিশ তুলি ধৰে।

জ্যেষ্ঠ সাংবাদিক গৌতম বৰা, যশস্বী ফটোগ্ৰাফাৰ সমীৰ চৌধুৰী, সমাজকৰ্মী জয়ন্ত গগৈ, ডাঃ দীননাথ শৰ্মাৰ নাতিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰ, ঋষিৰাজ শৰ্মায়ো আলোচনাত ভাগ লয়।

Related News