NORTHEAST NOW (Assamese)

বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অযোধ্যা, দেৱালীৰ বাবে ২৬ লাখৰো অধিক চাকিৰে জিলিকিব ৰাম মন্দিৰ

October 19, 2025 1:39 pm · এন ই নাও নিউজ, গুৱাহাটী

ভগৱান শ্ৰীৰামৰ ঘৰলৈ উভতি অহাৰ স্মৃতিত আজিৰে পৰা অযোধ্যাত বহু প্ৰত্যাশিত দীপাৱলী আৰম্ভ হৈছে। এইবাৰ এই উৎসৱে দেশৰ ইতিহাসত নতুন অধ্যায় ৰচনা কৰিব।

এইবাৰ ‘ৰাম কি পৌৰী’ আৰু ৫৬টা ঘাটত ২৬ লাখৰো অধিক (২৬,১১,১০১) চাকি জ্বলোৱাৰ অভিলেখ গঢ়া হ’ব। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মতে, এই অসাধাৰণ দৃশ্যই চাক্ষুষ সন্তুষ্টি প্ৰদানেই নহয় বৰঞ্চ কোটি কোটি মানুহৰ হৃদয় ভক্তি আৰু শ্ৰদ্ধাৰে ওপচাই পেলাব।

https://x.com/uptourismgov/status/1979574689304612912?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1979574689304612912%7Ctwgr%5E8bb2c1312985ef7523dc8921f8c4b02ad1c4482b%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.thewall.in%2FIndia%2Fgoogle-to-launch-ai-hub-in-india%2Ftid%2F175884

যোৱা বছৰৰ অভিলেখ ভংগ কৰি বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকসকল এইবাৰ ২৬ লাখৰো অধিক চাকি জ্বলাবলৈ সাজু হৈছে। দহ হাজাৰৰো অধিক লোক এই বিশাল কার্যসূচীত জড়িত হৈ আছে৷

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ এডজুডিকেটৰ ৰিচাৰ্ড ষ্টেনিঙে কয় যে এই অভিলেখৰ প্ৰচেষ্টাৰ বাবে অংশগ্ৰহণকাৰীসকলক অনুসৰণ কৰিবলৈ QR ক’ডৰ ব্যৱস্থা কৰা হৈছে।

সমগ্ৰ অঞ্চলটো সৰু সৰু জ’নত ভাগ কৰা হৈছে। প্ৰতিটো জ’নত দুজন ষ্টুয়াৰ্ড থাকিব যিয়ে সকলো লেম্প সঠিকভাৱে জ্বলোৱাটো নিশ্চিত কৰিব। যদি কোনো লেম্পত বিসংগতি থাকে বা জ্বলি নাথাকে তেন্তে ইয়াক ৰেকৰ্ডৰ গণনাৰ পৰা বাদ দিয়া হ’ব।

Related News