NORTHEAST NOW (Assamese)
অসম

আয়ুৰ্বেদৰ পৰামৰ্শ : বাঁওফালে কাতি হৈ শোৱক, সুস্বাস্থ্য অটুট ৰাখক

Posted by: এন ই নাও নিউজ January 21, 2019 3:32 pm
Vamkukshi

আমি আৰাম অনুভৱ কৰা ভংগীত শোৱাটো পচণ্ড কৰোঁ। কিন্তু আমি নাজানো যে আমাৰ শোৱাৰ ভংগীয়ে আমাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে। আয়ুৰ্বেদৰ মতে আমি বাঁওফালে কাতি কৰি শুব লাগে। কিয়নো বামকুশি অৰ্থাৎ বাঁওফালে মুখ কৰি শোৱাটো হৈছে স্বাস্থ্য সন্মত শোৱাৰ ভংগী।

আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে। ফলত মাধ্যাকৰ্ষণিক বলে লসিকাসমূহেৰে ৰক্ত সঞ্চালনত সহায় কৰে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ কম কৰে।

এনেদৰে শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভৰ (ileocecal valve চমুকৈ ICV) মাজেৰে পাৰ হৈ যোৱাত সহায়ক হয়। ইয়াৰ ফলত সেইবোৰ দেহৰ সহজেই বৰ্জনীয় হৈ পৰে।

গৰ্ভৱতী মহিলাসকলে বাঁওফালে শুলে ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন অধিকতৰ হয়। এনেদৰে শুলে গৰ্ভফুললৈ পুষ্টিৰ যোগান ভালদৰে হয়। এইদৰে শোৱাটো আৰু আৰামদায়ক কৰাৰ বাবে আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰু ল’বও পাৰি।

প্লীহা হৈছে লসিকাতন্ত্ৰৰ এটা অংশ। প্লীহাই লসিকাসমূহক শোধন কৰাৰ উপৰিও তেজো শোধন কৰে। গতিকে বাঁওফালে শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালনত সহায় কৰে। লসিকাসমূহক মাধ্যাকৰ্ষণিক বলেৰে ৰক্তসঞ্চালন কৰোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

এইবোৰ গুৰুত্বপূৰ্ণ, স্বাস্থ্যৰ পক্ষে উপকাৰী কাৰণ থকা সত্ত্বেও বাঁওফালে শুলে ডিঙি আৰু পিঠিৰ বিষ নিৰাময় হয়, দেহৰ পৰা বিষাক্ত দ্ৰব্য শোধন হয়, বিভিন্ন কঠিন ৰোগ নিৰাময় হয়, বৃক্ক আৰু যকৃতৰ অসুখ ভাল হয়, বুকু জ্বলা-পোৰা কৰা আৰু পিত্তৰোগ ৰোধ কৰে, মগজুক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ ফলত পাৰ্কিনছন’ছ আৰু আলঝেইমাৰ’ছ ৰোগ আৰম্ভ হোৱাত বিলম্ব হয়।