NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ পৰা মানাহলৈ পুনৰ দুটা গঁড়ৰ পোৱালি স্থানান্তৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 21, 2019 3:52 pm
Rhino translocation

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত সময়ছোৱাত প্ৰতিপালিত হৈ থকা দুটা গঁড়ৰ পোৱালিক আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰে এটা মতা আৰু এটা মাইকী পোৱালি। পোৱালি দুটাৰ বয়স প্ৰায় দুবছৰ।

পোৱালি দুটাক ২০১৬ চনৰ বানপানীৰ সময়ত বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল। কেন্দ্ৰটোত থকা এই গঁড়ৰ পোৱালি দুটাক বিগত সময়ত প্ৰকৃতি প্ৰেমীয়ে লেকটুজেন গাখীৰৰ লগতে বিভিন্ন ধৰণে প্ৰতিপালন কৰে, যাৰ ফলত পোৱালি দুটা আজিৰ এই অৱস্থা পায়।

আজি বিয়লি দুবছৰীয়া এই পোৱালি দুটাক পশু চিকিৎসকৰ এটা দলৰ তত্ত্বাৱধানত পিঞ্জৰাবদ্ধ কৰি ট্ৰাকেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়। ইণ্ডিয়ান ৰাইন’ ভিশ্যন ২০২০ আঁচনিৰ অধীনত মানাহলৈ পঠোৱা এই গঁড়ৰ পোৱালি দুটা কাইলৈ পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান পাবগৈ।

জানিব পৰা মতে মানাহত পোৱালি দুটাক কৃত্ৰিম বোমা নামৰ গড়াঁলত পৰ্যবেক্ষণৰ বাবে ৰখা হ’ব। দুমাহ মান বোমাত পৰ্যবেক্ষণত ৰাখি গঁড় পোৱালি দুটাক পাছত উদ্যানখনত মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে আজি বিয়লি কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ উপস্থিতিত ট্ৰাকত উঠাই গঁড় পোৱালি দুটাক মানাহলৈ পঠোৱা হয়। এই দুটা গঁড় পোৱালিৰ উপৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আৰু চাৰিটা গঁড় পোৱালি প্ৰতিপালিত হৈ থকা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।