NORTHEAST NOW (Assamese)
অসম

এইবাৰ ক’ৰ’ণাত আক্ৰান্ত মোডী মন্ত্ৰী সভাৰ আন এজন কেন্দ্ৰীয় মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 8:44 pm
Shripad_Naik_PTI

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ল আন এজন কেন্দ্ৰীয় মন্ত্ৰী।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল,কৈলাশ চৌধুৰী,ধৰ্মেন্দ্ৰ প্ৰধান আদিৰ পিচত আজি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হয় আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়ক।

আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে টুইটাৰত তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।নায়কে কয় যে তেওঁৰ ক’ৰ’ণাত আক্ৰান্ত হ’লেও তেওঁৰ দেহত কোনো লক্ষণ ফুটি উঠা নাই।

সেই বাবেই তেওঁ ঘৰতে আচুতীয়াকৈ থকাৰ ব্যৱস্থা কৰিছে বুলি টুইটাৰত প্ৰকাশ কৰিছে।মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলক ক’ৰ’ণা ভাইৰাচৰ পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।

উল্লেখ্য কিছুদিন পূৰ্বে আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ নায়ক সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল বাবা ৰামদেৱৰ ক’ৰ’নিল নামৰ দৰৱ বিধ ক’ৰ’ণাৰ দৰৱ হিচাবে বিক্ৰী কৰিব নোৱাৰিব বুলি কৈ। মন্ত্ৰী নায়কৰ পদক্ষেপৰ বাবেই ক’ৰ’ণাৰ দৰৱ বুলি প্ৰচাত চলোৱা ক’ৰ’নিলৰ বিক্ৰী বন্ধ হৈ পৰিছিল।

মন্ত্ৰী গৰাকীয়ে ৰামদেৱৰ দৰৱ বিধ কেৱল চৰ্দি-জ্বৰৰ দৰৱ হিচাবেহে বিক্ৰী কৰিব পাৰিব বুলি নিৰ্দেশ দিছিল।

মন্ত্ৰী নায়কৰ এনে নিৰ্দেশৰ পিছতে থমকি ৰ’ৱ লগীয়া হৈছিল ৰামদেৱ।