NORTHEAST NOW (Assamese)

পাক দলত সকলো সম্ভৱ! ভাৰতৰ হাতত পৰাস্ত হৈ নিউয়ৰ্কৰ ৰাজপথত বাৰ্গাৰ খোৱা দেখা গ’ল আজম খানক

June 12, 2024 8:34 am · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তান ক্ৰিকেট দলত সকলো সম্ভৱ। ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউয়ৰ্কৰ ৰাজপথত খাদ্য খালে আজম খানে। সেই ভিডিঅ’টো এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

ভাৰতৰ বিৰুদ্ধে যোৱাখন মেচত টি-২০ বিশ্বকাপত পাকিস্তান পৰাস্ত হৈছিল। পাক দলে ১২০ ৰানৰ লক্ষ্যত উপনীত হ’ব । ১১৩ ৰানত অল আউট হৈছিল। সেই পৰাজয়ৰ পাছত বহুতে ভাবিলে যে পাকিস্তানী ক্ৰিকেটাৰসকল দুখত ম্ৰিয়মাণ হ’ল। কিন্তু দেখা গৈছে যে ১১৫ কেজি ওজনৰ পাকিস্তান দলৰ অন্যতম বিখ্যাত তাৰকা আজম খান নিশা নিউয়ৰ্কৰ ৰাজপথলৈ ওলাই আহিছিল। আজম খানে ৰাস্তাৰ কাষত থিয় হৈ বাৰ্গাৰ খাই আছে।

আজমক দেখি বহু লোক আচৰিত হয়। তেওঁ কেনেকৈ ৰাজহুৱা স্থানত থিয় হৈ ৰাজপথৰ খাদ্য খাব পাৰে সেই বিষয়ে সমানে চৰ্চা চলি আছে। কিয়নো বিশ্বকাপৰ সময়ত এটা জাতীয় দলৰ নিৰাপত্তা ডাঙৰ প্ৰশ্ন, ক্ৰিকেটাৰৰ খাদ্যৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰা হয়। এই সময়ত যদি কোনো কাৰণত কোনো ক্ৰিকেটাৰ বিষাক্ত দ্ৰব্য সেৱন কৰে, তেন্তে ইয়াৰ প্ৰভাৱ দলৰ বাকী অংশত পৰিব পাৰে। কিন্তু আজমে সেই কথাত গুৰুত্ব নিদিলে।

আজমৰ ফুড ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত বহু নেটিজেনে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ আহ্বান জনায়। ইতিমধ্যে আজম এজন অতিৰিক্ত ওজনৰ ক্ৰিকেটাৰ। লগতে এই মুহূৰ্তত তেওঁৰ ফৰ্ম ভাল নহয়।আৰু শেহতীয়া বিশ্বকাপৰ মেচত দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছে৷

Related News