NORTHEAST NOW (Assamese)

এলোপেথীৰ ফলত কোভিডত বহুলোকৰ মৃত্যু হোৱা বুলি কৰা দাবী উঠাই ল’বলৈ বাবা ৰামদেৱক নিৰ্দেশ

July 29, 2024 5:33 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে যোগগুৰু বাবা ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণক কোভিড-১৯ মহামাৰীৰ সময়ত লাখ লাখ লোকৰ মৃত্যুৰ বাবে এলোপেথীৰ চিকিৎসকক দোষাৰোপ কৰি পতঞ্জলিৰ ক’ৰ’নিলক নিৰাময় হিচাপে প্ৰচাৰ কৰা সকলো দাবী আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ অনুপ জয়ৰাম ভাম্ভানীৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৰামদেৱক তিনিদিনৰ ভিতৰতে ছ’চিয়েল মিডিয়াৰ পৰা আপত্তিজনক কন্টেন্ট নমাই দিবলৈ নিৰ্দেশ দি ৰামদেৱে এই নিৰ্দেশ মানি নল’লে ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰীয়ে কন্টেন্ট আঁতৰাই পেলাব বুলি উল্লেখ কৰে।

ৰামদেৱ আৰু তেওঁৰ সহযোগীসকলে কোভিড মহামাৰীৰ সময়ত এলোপেথিৰ ফলত লাখ লাখ লোকৰ মৃত্যু হোৱা বুলি ভুৱা দাবী উত্থাপন কৰিছিল পাছত এই মন্তব্যৰ ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত স্বামী ৰামদেৱে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিছিল। ভিডিঅ’টোত তেওঁ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে “কভিড-১৯ৰ বাবে এলোপেথিক ঔষধ খোৱাৰ পাছত লাখ লাখ লোকৰ মৃত্যু হৈছে”।

এই বিভ্ৰান্তিকৰ দাবীয়ে এলোপেথিক চিকিৎসা আৰু Covid-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে জনসাধাৰণৰ মনত সন্দেহৰ বীজ সিঁচিছে বুলি চিকিৎসকসকলে যুক্তি আগবঢ়ায়।

Related News