NORTHEAST NOW (Assamese)

‘উন্নয়নে ধুলি উৰুৱাই নিব’, দিল্লীৰ প্ৰদূষণৰ বাবে ঘৰত পৰ্দা লগোৱাৰ পৰামৰ্শ বাবা ৰামদেৱৰ

December 14, 2025 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ কঠিন সমাধানহিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ এক আচৰিত উপায় দি। তেওঁৰ মতে, দেশত উন্নয়ন হৈ আছে, ধূলি উৰি যাবই‘, সেয়ে এয়াৰ পিউৰিফায়াৰৰ দৰে বিলাসীতা এৰি মানুহে নিজৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে।

শেহতীয়াকৈ এটা টিভি চেনেলক দিয়া এক সাক্ষাৎকাৰত ৰামদেৱে কয়, “দেশখন এতিয়াও উন্নয়নৰ পথেৰে আগবাঢ়িছে, এই পৰিস্থিতিত কিছু ধূলি উৰি যাব। কেতিয়াবা দিল্লী গেছ চেম্বাৰলৈ পৰিণত হয়। এনে পৰিস্থিতিত আপুনি আপোনাৰ ঘৰত পৰ্দা ওলোমাই দিব লাগে। সেই পৰ্দাবোৰ ১৫-২০ দিনৰ পিছত এবাৰ পৰিষ্কাৰ কৰি নিশ্চিতভাৱে মাস্ক পিন্ধিব লাগে।”

তেওঁ এয়াৰ পিউৰিফায়াৰৰ বৰ্ধিত চাহিদা সন্দৰ্ভত মন্তব্য কৰি কয় যে “এইবোৰ ধনী মানুহৰ বিলাসীতা। এই বিলাসীতাত লিপ্ত হোৱাৰ প্ৰয়োজন নাই।”

ৰামদেৱে দিল্লীবাসীক ঘৰৰ ভিতৰতে অনুলোম-বিলোমআৰু কপালভাটিআদি ব্যায়াম কৰিবলৈও পৰামৰ্শ দিয়ে, যিয়ে প্ৰদূষণৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিব।

উল্লেখ্য যে ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড দিনক দিনে শোচনীয় হৈ পৰিছে। যোৱা শনিবাৰে দিল্লীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স (AQI) ৪৩১ আছিল, যি বছৰটোৰ ভিতৰতে আটাইতকৈ বেয়া। তীব্ৰ প্ৰদূষণৰ ফলত চৰকাৰে পুনৰ দিল্লীত ‘GRAP 3’ বলৱৎ কৰিছে, যাৰ অধীনত ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিদ্যালয়সমূহ হাইব্ৰিড মোডত পৰিচালনা কৰা হৈছে।

আনহাতে, হৃদৰোগ বিশেষজ্ঞ ডাঃ আলোকে দিল্লীৰ বাসিন্দাসকলক ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা, N-95 মাস্ক পিন্ধা আৰু ঘৰৰ ভিতৰত গছ-গছনি ৰোপণ কৰাৰ দৰে পদক্ষেপ লবলৈ পৰামৰ্শ দিছে। ৰামদেৱৰ এই পৰামৰ্শই পুনৰ এবাৰ চিকিৎসা আৰু পৰিৱেশ বিজ্ঞানীৰ সৈতে তেওঁৰ পৰামৰ্শৰ পাৰ্থক্যক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

Related News