NORTHEAST NOW (Assamese)

অপৰাধ নে অন্ধ বিশ্বাস ? ভূত খেদিবলৈ মাতি বাবাজীয়ে ধৰ্ষণ কৰিলে মহিলাক

January 1, 2023 6:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 1, 2023 5:08 pm

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে এক গাৰ নোম শিয়ৰাই তোলা ঘটনা। পুনৰ ভণ্ড বাবাজীয়ে ধৰ্ষণ কৰিলে এগৰাকী মহিলাক।

উত্তৰ প্ৰদেশত ভূত খেদিবলৈ আহি এগৰাকী মহিলাক ধৰ্ষণ কৰিছে এজন লম্পট তান্ত্ৰিকে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভণ্ড ওজাটোক।

এনডিটিভিৰ বাতৰি অনুসৰি ২৯ ডিচেম্বৰত এগৰাকী মহিলাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি ওজা ৰাজ শ্বেখৰ ভূত-প্ৰেত খেদিবলৈ আৰু জ্যোতিষ গণনা কৰিবলৈ নিজৰ ঘৰলৈ মাতিছিল ভুক্তভোগী মহিলাগৰাকীক।

কিন্তু তাত অকলে পালে অভিযুক্তই মহিলাগৰাকীৰ লগত সংঘটিত কৰিলে ব্যভিচাৰ। আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ লগে লগে ওজা বকিল ৰাজ শ্বেখক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অনুসূচিত জাতি আৰু জনজাতি আইনৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক যশবীৰ সিঙে জানিবলৈ দিয়ে।

আৰক্ষী সূত্ৰই জনোৱা মতে অভিযোগ পোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ওজা বকিল। দুষ্কাৰ্য্য সংঘটিত কৰি পলাই আছিল লম্পট বাবাজী। অৱশেষত শনিবাৰে গোপন সূত্ৰৰ তথ্য অনুসৰি এখন হোটেলত আৰক্ষীয়ে অভিযান চলায়। তাৰ পৰাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে ধৰ্ষণকাৰী ওজা জনক।

Related News